অহা ২০২০ চনৰ ১৯ জুন তাৰিখে মুক্তি পাবলগীয়া ছবি “মুম্বাই ছাগা” ৰ ফাৰ্ষ্ট লুক দৰ্শকৰ মাজত উলিয়াই দিয়া হৈছে। পৰিছালক সঞ্জয় দত্তই ছবিখনৰ ঘোষণা কৰাৰ পিছৰ পৰাই ছবিখনক লৈ দৰ্শকৰ মাজত এক উৎস্যুকতাই বিৰাজ কৰিছিল। ছবিখনৰ ফাৰ্ষ্ট লুকটোৱে দৰ্শকক আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে; ডুবি যোৱা এখন জাহাজৰ সৈতে বন্দুকৰ ছবি পষ্টাৰ খনত দেখিবলৈ পোৱা গৈছে।


পৰিচালকগৰাকীৰ মতে যোৱা ২৫ বছৰত ১৭ খন ছবি পৰিচালনা কৰা পিছত তেওঁ দৰ্শকক নতুনত্ব দিব বিচাৰিছে। “মুম্বাই ছাগা” ত অভিনয় কৰিছে জন আব্ৰাহাম, ইমৰাণ হাছমী, জেকী শ্ৰফ, সুনীল চেট্টী, প্ৰতীক বব্বৰ, গুলশন গ্ৰৱাৰ, ৰহিত ৰায় লগতে অমোল গুপ্তে। ১৯৮০-৯০ চনত বোম্বে যেতিয়া মুম্বাইলৈ ধাৱমান হৈ আছিল তেতিয়াৰ এক জীয়া কাহিনীক লৈ নিৰ্মিত কৰা হৈছে উক্ত ছবিখন।
Add comment