সাধাৰণ লোক খিনিৰ মাজত সদায় এটা খুদুৱনি লগায়। অভিনেতা-অভিনেত্ৰী সকলৰ কেতিয়াবা বেমাৰ হয় নে? নাইবা তেওঁলোকেও কিবা বস্তুক লৈ ভয় খায় নে নাই? আছলতে, আমি কেতিয়াবা পাহৰি যাওঁ যে তেওঁলোকো একোজন মানুহ, আমাৰ মনৰ ভাৱৰ নিচিনা তেওঁলোকৰ মাজতো কিছু ভাৱ থাকে অথবা ভয় থাকে।

এগৰাকী বলীউড অভিনেত্ৰী সমীৰা ৰেড্ডীয়ে এটা চেট শ্ব’ ত নিজৰ এক বেমাৰৰ কথা উল্লেখ কৰে। “স্পীচ ডিচৰ্ডাৰ” ৰ নিচিনা এক বেমাৰৰ বশৰ্ৱতী হৈ আছিল অভিনেত্ৰী গৰাকী। কিন্তু তেওঁৰ এই বেমাৰটোৰ সময়ত তেওঁক সহায় কৰিবলৈ আগবাঢ়ি আহিছিল বলীউডৰে এগৰাকী অভিনেতা ঋত্বিক ৰোশন। অভিনেত্ৰী গৰাকীৰ মতে ঋত্বিক ৰোশন এগৰাকী খুবেই মৰমিয়াল ব্যক্তি। সমীৰাক বেমাৰটোৰ আগ্ৰাসনৰ পৰা ওলাই আনিবলৈ তেওঁ সমীৰাক এখন কিতাপ দিয়ে। যিখন কিতাপে অভিনেত্ৰী গৰাকীক বেমাৰটোৰ পৰা বাহিৰ ওলোৱাত সহায় কৰে।


উক্ত শ্ব’ টোত সমীৰা ৰেড্ডীয়ে কয় যে, “মই মানুহৰ আগত কথা ক’বলৈ ভয় খাইছিলো কিন্তু এনে ক্ষেত্ৰত ঋত্বিকে উপহাৰ দিয়া এখন কিতাপে মোক অত্যন্ত সহায় কৰিছিল। বৰ্তমানো কিতাপখন মই সযতনে ৰাখিছো।”

উল্লেখ্য যে, অভিনেত্ৰী সমীৰাই কিছুদিন পূৰ্বে এগৰাকী ছোৱালী সন্তান জন্ম দিয়ে। মাতৃত্বৰ সোঁৱাদ লোৱাত ব্যস্ত বৰ্তমান অভিনেত্ৰী গৰাকী।
Add comment