Rupaliparda.com

ৱেব চিৰিজলৈ আহিব “তেৰে নাম” ছবিৰ নায়িকা ভূমিকাঃ

বলীউডৰ কেইবাগৰাকীও জনপ্ৰিয় অভিনেতা-অভিনেত্ৰী ৱেব চিৰিজৰ প্ৰতি আকৰ্ষিত হোৱা দেখা গৈছে। আন নহ’লে এনেদৰেও ক’ব পাৰি যে, সাম্প্ৰতিক সময়ত প্ৰচাৰিত ৱেব চিৰিজ সমূহে দৰ্শকৰ লগতে চিনেমা জগতৰ তাৰকা সকলৰো মন টানিছে।

ৱেব চিৰিজলৈ আহিব "তেৰে নাম" ছবিৰ নায়িকা ভূমিকাঃ 1


ঠিক তেনেদৰে, ২০০৩ চনত মুক্তিপ্ৰাপ্ত “তেৰে নাম” ছবিৰ নায়িকা ভূমিকা চাওঁলাকো এইবাৰ দেখা যাব জী৫ ত প্ৰচাৰ হ’বলগীয়া এখন ৱেব চিৰিজত। দক্ষিণ ছবিসমূহৰ পৰাই চলচিত্ৰ জগতলৈ অহা এইগৰাকী অভিনেত্ৰীক “তেৰে নাম” ছবিখনেই দিছিল বলীউডত এক নতুন চিনাকী। তাৰ পিছত তেওঁ কেইবাখনো বলীউড ছবিত অভিনয় কৰিছিল যদিও সফল হোৱা নাছিল।

https://www.instagram.com/p/B1DeMK8hT44/?utm_source=ig_web_copy_link
https://www.instagram.com/p/B1A0_QNB1At/?utm_source=ig_web_copy_link


বৰ্তমান অভিনেত্ৰী ভূমিকা “সব ভ্ৰম হে” নামে এখন ৱেব চিৰিজত অভিনয় কৰা দেখিবলৈ পোৱা যাব। চিৰিজখনত ভূমিকাৰ লগতে অভিনয় কৰিব কাল্কী আৰু সঞ্জয় সুৰীয়ে। সংগীত সিবনৰ দ্বাৰা পৰিচালিত ৱেব চিৰিজখন জী ৫ ত প্ৰিমিয়াৰ কৰা হ’ব।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform