Rupaliparda.com

সাধাৰণ ঘৰৰ পৰা ওলাই হ’ল চুপাৰষ্টাৰঃ কৰিছিল ৰেষ্টুৰাত কাম-

জনপ্ৰিয় বলীউড অভিনেতা ৰণদীপ হুড্ডাই উদযাপন কৰিব নিজৰ ৪৩ সংখ্যক জন্মদিন। ২০০১ চনত “মনচুন ৱেডিং” নামে ছবিখনৰ পৰা ডেবিউ কৰা এই গৰাকী অভিনেতাই এগৰাকী সুদক্ষ অভিনেতা হ’বলৈ কৰিবলগীয়া হৈছিল সংগ্ৰাম।

সাধাৰণ ঘৰৰ পৰা ওলাই হ'ল চুপাৰষ্টাৰঃ কৰিছিল ৰেষ্টুৰাত কাম- 1


গ্ৰেজুৱেচন আৰু এম.বি.এ ৰ বাবে তেওঁ যেতিয়া অষ্ট্ৰেলিয়ালৈ গৈছিল তেতিয়া তেওঁ নিজৰ শিক্ষাৰ বাবে নিজেই টকা উলিওৱাৰ চেষ্টা কৰিছিল। টেক্সি চলোৱাৰ লগতে তেওঁ ৰেষ্টুৰেণ্টতো কাম কৰিছিল। এটা সাধাৰণ পৰিয়ালৰ পৰা ওলাই অহা ৰণদীপ হুড্ডাৰ পিতৃ-মাতৃয়ে তেওঁক এগৰাকী ডাক্তৰ ৰূপত চাবলৈ বিচাৰিছিল।

সাধাৰণ ঘৰৰ পৰা ওলাই হ'ল চুপাৰষ্টাৰঃ কৰিছিল ৰেষ্টুৰাত কাম- 2


ভাৰতলৈ ঘূৰি আহি অভিনেতা গৰাকীয়ে এটা এয়াৰলাইন কোম্পানীত কাম কৰিছিল আৰু তেতিয়াই মডেলিঙৰ প্ৰতি আকৰ্ষিত হৈ এটা থিয়েটাৰ গ্ৰুপৰ সৈতে জড়িত হৈ পৰিছিল। তেওঁৰ নাটকৰ আখৰা কৰি থকা সময়তে তেওঁক পৰিচালক মীৰা নায়কে লগ পায় আৰু তেওঁক “মনচুন ৱেডিং” ছবিখনৰ বাবে গ্ৰহণ কৰে।

সাধাৰণ ঘৰৰ পৰা ওলাই হ'ল চুপাৰষ্টাৰঃ কৰিছিল ৰেষ্টুৰাত কাম- 3


ইয়াৰ পিছত,তেওঁ অভিনীত “ওৱান্স আপন এ টাইম ইন মুম্বাই” ৰ দ্বাৰা ৰণদীপ হুড্ডাৰ এক নতুন চিনাকী বলীউড ক্ষেত্ৰলৈ আহে। তেওঁৰ জনপ্ৰিয় ছবি কেইখন হ’ল “হাইৱে”, “সৰৱজিৎ”, “সাহেৱ,বিবি ঔৰ গেংগষ্টাৰ”, “ৰংগৰসিয়া”, “মে ঔৰ চাৰ্লস”, “মৰ্ডৰ ৩” আৰু “দো লফজো কি কাহানী”।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.