“হি-মেন” ৰ এনিমেটেউ ৱেব চিৰিজ লৈ আহি আছে হলীউডৰ জনপ্ৰিয় ফিল্মমেকাৰ কেবিন স্মিথে। ৱেব চিৰিজ স্ত্ৰিমিং প্লেটফৰ্ম নেটফ্লিক্সত মুক্তি পাব এই এনিমেটেড ৱেব চিৰিজখন ।যাৰ নাম হ’ব “মাষ্টাৰচ অৱ ডা ইউনিভাৰ্ছঃৰেভিলেছন”।


৮০-৯০ দশকৰ জনপ্ৰিয় “হি-মেন” চিৰিজখনৰ চৰিত্ৰ সমূহ যেতিয়াৰ পৰাই শেষ হ’বলৈ আৰম্ভ কৰিছিল তাৰ পৰাই উক্ত ৱেব চিৰিজ খনৰ আৰম্ভণি কৰা হ’ব। উল্লেখ্য যে, “মাষ্টাৰচ অৱ ডা ইউনিভাৰ্ছঃৰেভিলেছন” নামে এই বেৱ চিৰিজ খনৰ সহঃনিৰ্মাতা ৰূপত থাকিব কেবিন স্মিথ। “হি-মেন” চৰিত্ৰ সমূহ ৮০-৯০ দশকৰ সময়ছোৱাত ইমানেই বেছি জনপ্ৰিয় আছিল যে ইয়াৰ চৰিত্ৰ সমূহক পুতলা আকাৰে বিক্ৰী কৰা হৈছিল।

Add comment