Rupaliparda.com

“অন্ধাধুন” ৰ বাবে “ফাৰ্ষ্ট চইছ” নাছিল আয়ূসমানঃ

“অন্ধাধুন” ছবিখনৰ বাবে ৰাষ্ট্ৰীয় বঁটা লাভ কৰা আয়ূসমান খুৰানা ছবিখনৰ বাবে “ফাৰ্ষ্ট চইছ” নাছিল পৰিচালকৰ। শ্ৰী ৰাম ৰাঘৱানে এটা সাক্ষাৎকাৰক জনাইছিল যে ছবিখন কৰিবলৈ বহু ডাঙৰ ডাঙৰ অভিনেতাই নাকচ কৰিছিল। আয়ূসমানে ছবিখন কৰিব বুলি তেওঁ কেতিয়াও ভবা নাছিল। লগতে পৰিচালক গৰাকীয়ে কয় যে, “অন্ধাধুন” ছবিখনৰ বাবেই অভিনেতা আয়ূসমান খুৰানাই পিয়ান’ বজাবলৈ শিকিছিল।

"অন্ধাধুন" ৰ বাবে "ফাৰ্ষ্ট চইছ" নাছিল আয়ূসমানঃ 1
"অন্ধাধুন" ৰ বাবে "ফাৰ্ষ্ট চইছ" নাছিল আয়ূসমানঃ 2


ডাঙৰ ডাঙৰ অভিনেতা সকলে যেতিয়া ছবিখনৰ বাবে নাকচ কৰিছিল তেতিয়া তেওঁ একো ভাবিব পৰা নাছিল। তেওঁৰ ওচৰত “স্ক্ৰীপ্ট” আছিল কিন্তু ছবি আৰম্ভ কৰিব পৰা নাছিল বুলি মন্তব্য কৰে পৰিচালক শ্ৰী ৰাম ৰাঘৱনে। তেওঁৰ মতে ছবিখনত তাব্বু আৰু আয়ূসমানৰ অভিনয় লেখত ল’বলগীয়া। ১৫ বছৰ পূৰ্বেই “এক হসীনা থী” ৰ পৰা ডেবিউ কৰা; শ্ৰী ৰামৰ দ্বাৰা পৰিচালিত প্ৰায় সমূহ ছবিয়ে দৰ্শকৰ বাবে প্ৰিয় আছিল। সেয়া লাগিলে “বদলাপুৰে” ই হওঁক বা “জনী গড্ডাৰেই” হওঁক।

"অন্ধাধুন" ৰ বাবে "ফাৰ্ষ্ট চইছ" নাছিল আয়ূসমানঃ 3

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.