বলীউডৰ জনপ্ৰিয় অভিনেতা ও বিজেপি সাংসদ ছানী ডেউলৰ দ্বাৰা পৰিচালিত “পল পল দিল কে পাস” ছবিখনৰ প্ৰথমটো গীত “হ যা আ্ৱাৰা” ই ইতিমধ্যে মুক্তি লাভ কৰিলে।

হিমাছল প্ৰদেশৰ কেইবাটা মনপৰশা লোকেশ্বনত দৃশ্যগ্ৰহণ সম্পন্ন কৰা এই গীতটিত কণ্ঠদান কৰিছে মনাল ঠাকুৰ আৰু এশ কিংগে। “হ যা আৱাৰা” ত ছবিখনৰ মূখ্য চৰিত্ৰত অভিনীত কৰণ আৰু চেহেৰৰ মাজত কেমেষ্ট্ৰী দৰ্শকে পচন্দ কৰিছে।

অহা ২০ চেপ্তেম্বৰ তাৰিখে মুক্তি পাবলগীয়া এই ছবিখনৰ আন আন চৰিত্ৰত অভিনয় কৰিছে আকাশ আহুজা, শচীন খাণ্ডেকাৰ, সিমান সিনহা,মেঘনা মালিক,কামিনী খান্না আৰু আকাশ ধৰে।
Add comment