Rupaliparda.com

দক্ষিণৰ ছবিত প্ৰথমবাৰৰ বাবে বিগ বিঃ

দক্ষিণৰ ছবিত প্ৰথম বাৰৰ বাবে দেখিবলৈ পোৱা যাব বলীউডৰ বিগ বিক। “সাই ৰা নৰসিম্হা ৰেড্ডী” নামে ছবিখনত দেখা পোৱা যাব অমিতাভ বচ্ছনক। ইতিমধ্যে অমিতাভ বচ্ছনৰ “ফাৰ্ষ্ট লুক” পষ্টাৰে চচিয়েল মিডিয়াত তোলপাৰ লগাইছে। অমিতাভৰ লগতে ছবিখনত অভিনীত আন আন তাৰকা ক্ৰমে চিৰঞ্জীৱী, কিচ্চা সুদীপ,বিজয় চেথুপথী,তমন্না,জাগাপাথী আৰু নয়নথাৰা আদিৰো ফাৰ্ষ্ট লুক পষ্টাৰ মুক্তি দিয়া হৈছে।


“থগছ অৱ হিন্দুস্তান” ৰ পিছত পুনৰবাৰ অমিতাভ বচ্ছনে যুদ্ধ কৰিব বিট্ৰিছৰ সৈতে। কুৰনুলৰ স্বাধীনতাৰ হকে বিট্ৰিছৰ সৈতে যোৱা যুদ্ধ দেখুওৱা হ’ব উক্ত ছবিখনত। ইতিহাস মতে, ১৮৫৭ চনত বিট্ৰিছৰ সৈতে প্ৰথম খন স্বাধীনতাৰ যুদ্ধ কৰা হৈছিল কিন্তু উক্ত ছবিখনত দেখুৱাব লগীয়া যুদ্ধৰ সময়ছোৱা ইয়াৰ পূৰ্বৰ।

সুৰেন্দৰ ৰেড্ডীৰ দ্বাৰা পৰিচালিত এই ছবিখনৰ প্ৰযোজনা ফাৰহান অখতাৰ আৰু ৰিতেশ সিধৱানীৰ। ১৫০ কোটি টকাৰে নিৰ্মিত “সাই ৰা নৰসিম্হা ৰেড্ডী” ছবিখন তেলেগু ভাষাত নিৰ্মিত যদিও ইয়াক হিন্দী, তামিল, কন্নড়, মালায়ালম ভাষাত মুক্তি দিয়া হ’ব।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform