“কভী কভী মেৰে দিল খেয়াল আতা হে”, “ইন আখো কে মস্তি মে” গীত দুটি বাৰু কাৰ কাৰ প্ৰিয়?? নিশ্চয় সকলোৰে, নহয়নে? এই গীত দুটিকে ধৰি কেইবাটাও জনপ্ৰিয় গীতৰ “আত্মা” গৰাকীক মনত আছেনে? বলীউড ক্ষেত্ৰৰ জনপ্ৰিয় সংগীতকাৰ মহম্মদ জহুৰ খয়াম হাশমী। বিশিষ্ট সংগীত পৰিচালক খয়ামে নিজ ৯২ বছৰ বয়সত ইহলীলা সম্বৰণ কৰে।

লুধিয়ানাত ১৭ বছৰ বয়সৰ পৰাই মিউজিক কেৰিয়াৰৰ আৰম্ভণি কৰা এই গৰাকী সংগীত পৰিচালকে ১৯৫৩ চনত মুক্তিপ্ৰাপ্ত “ফুটপাথ” ছবিৰ পৰা বলীউড ক্ষেত্ৰখনলৈ আহিছিল। ইয়াৰ পিছত তেওঁ “শোলা আৰ শৱনম”, “আখৰী ৰাত”, “কভী-কভী”, “ত্ৰিশূল”, “নূৰী”, “বাজাৰ”, “ওমৰাৱ জান” আৰু “য়াত্ৰা” আদি ছবিত সংগীত দিয়ে।


সংগীত একাডেমী বঁটা লগতে পদ্মভূষণ প্ৰাপ্ত এই গৰাকী মহান সংগীতকাৰে “ওমৰাৱ জান” ৰ বাবে নেশ্বনেল এৱাৰ্ড আৰু লগতে “কভী কভী” ৰ বাবে “ফিল্মফেয়াৰ” বঁটাও লাভ কৰে।
Add comment