Rupaliparda.com

“মেন ভাৰ্ছেচ ৱাইল্ড” ৰ মোডী বিশেষ খণ্ডই কৰিলে ৰেকৰ্ডঃ

কিছুদিন পূৰ্বে ডিস্কভাৰি চেনেলৰ ৰোমাঞ্চকৰ অনুষ্ঠান “মেন ভাৰ্ছেচ ৱাইল্ড” ত দেখা গৈছিল ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক। অনুষ্ঠানটিৰ হোষ্ট বীয়াৰ গ্ৰীলছৰ সৈতে এটা দুঃসাহসিক অভিযানত অংশ লৈছিল প্ৰধানমন্ত্ৰী গৰাকীয়ে। উত্তৰাখণ্ডৰ জিম কৰবেট পাৰ্কত শ্বুটিং সম্পন্ন হোৱা এই খণ্ডটিয়ে লাভ কৰিছে দৰ্শকৰ অভূতপূৰ্ব সমাদৰ।

"মেন ভাৰ্ছেচ ৱাইল্ড" ৰ মোডী বিশেষ খণ্ডই কৰিলে ৰেকৰ্ডঃ 1


বীয়াৰ গ্ৰীলছে নিজৰ ইনষ্টাগ্ৰামত আপলোড কৰা এটি পষ্টৰ জৰিয়তে জনাইছে যে “মেন ভাৰ্ছেচ ৱাইল্ড” ৰ উক্ত খণ্ডটিত ৩.৬ বিলিয়ন লোকে ৰিয়েক্ট কৰিছে । লগতে, উক্ত খণ্ডটিয়ে সৰ্বাধিক প্ৰচলিত “চুপাৰ বউল” শ্ব’টিকো পিছ পেলাইছে।

https://www.instagram.com/p/B1VvT-xgxax/?utm_source=ig_web_copy_link
"মেন ভাৰ্ছেচ ৱাইল্ড" ৰ মোডী বিশেষ খণ্ডই কৰিলে ৰেকৰ্ডঃ 2


উল্লেখ্য যে, অনুষ্ঠানটোৰ এই খণ্ডটিত প্ৰধানমন্ত্ৰী মোডীয়ে প্ৰকৃতিৰ বহু গুৰুত্বপূৰ্ণ কথা আলোচনা কৰাৰ লগতে কয় যে, “মনুষ্য যদি প্ৰকৃতিৰ বিৰুদ্ধে যায় তেতিয়াহ’লে সকলো বস্তুয়েই আপোনাৰ বাবে ভয়ানক হ’ব। আনকি; মনুষ্যকো ভয়ানক ৰূপেই আপুনি দেখিব”।

"মেন ভাৰ্ছেচ ৱাইল্ড" ৰ মোডী বিশেষ খণ্ডই কৰিলে ৰেকৰ্ডঃ 3


মোডী বিশেষ এই খণ্ডটি মুঠ ৮ টা ভাৰতীয় ভাষাত প্ৰচাৰ কৰা হৈছিল ক্ৰমে- হিন্দী, তামিল, তেলেগু, কন্নড়, মালায়ালম আৰু মাৰাঠী।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.