Rupaliparda.com

২০২০ চনত বিবাহ পাশত আৱদ্ধ হ’ব আদিত্য ৰয় কাপুৰঃ

“লণ্ডন ড্ৰিমচ” ছবিখনৰ পৰা বলীউড জগতত খোজ পেলোৱা আদিত্য ৰয় কাপুৰে বহু কম ছবিত অভিনয় কৰিয়ে দৰ্শকৰ মন টানিছিল। সদায় মিডিয়াৰ পৰা দূৰে দূৰে থকা এই অভিনেতা গৰাকীৰ এতিয়া বিয়াৰ খবৰ ওলাইছে। “মুম্বাই মিৰৰ” ৰ ৰিপৰ্ট অনুসৰি ২০২০ চনত আদিত্য ৰয় কাপুৰ বিবাহ পাশত আবদ্ধ হ’ব চুপাৰমডেল ডিৱা ধাৱনৰ সৈতে।

২০২০ চনত বিবাহ পাশত আৱদ্ধ হ'ব আদিত্য ৰয় কাপুৰঃ 1


কৰণ জহৰৰ দ্বাৰা হোষ্ট কৰা এটা জনপ্ৰিয় টিভি শ্ব’ ত আদিত্য ৰয় কাপুৰক যেতিয়া ডিৱা ধাৱনৰ বিষয়ে সোধা হৈছিল তেতিয়া তেওঁৰ ৰিলেশ্বনচিপ নাই বুলি পোনচাটেই মানা কৰি দিয়াৰ লগতে তেওঁ কৈছিল যে,” এটা ফেশ্বন শ্ব’ ত আমি দুইটাই লগ পাইছিলো আৰু আমাৰ মাজত বন্ধুত্ব গঢ় লৈছিল। আমি কেৱল এবাৰ “দিনাৰ” ত গৈছিলো আৰু তাতেই আমাক মিডিয়াই স্পট কৰিছিল। তেতিয়াৰ পৰাই সকলোৰে আৰম্ভ আৰু”।

২০২০ চনত বিবাহ পাশত আৱদ্ধ হ'ব আদিত্য ৰয় কাপুৰঃ 2


উল্লেখ্য যে, মিডিয়াই অভিনেতা গৰাকীক যিমান বাৰেই এই প্ৰশ্নটো কৰিছে সিমান বাৰেই তেওঁ মানা কৰি আহিছে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.