Rupaliparda.com

স্পৰ্টছ-বাইয়পিক “মেডান”

যোৱা কিছু সময়ৰ পৰা “স্পৰ্টছ বাইয়’পিক” ক লয় আকৰ্ষিত হৈ পৰিছে বলীউড ক্ষেত্ৰ। কেইবাখনো খেলৰ সৈতে জড়িত ছবিও নিৰ্মাণ কৰা দেখা গৈছে। এনে পৰিপ্ৰেক্ষিততে, “বধাই হ” ৰ পৰিচালক অমিত ৰবীন্দ্ৰনাথ শৰ্মাৰ নিৰ্দেশনত আৰম্ভ কৰা হৈছে “মেডান”।

স্পৰ্টছ-বাইয়পিক "মেডান" 1


১৯৫২-১৯৬২ চনৰ ফুটবলৰ সোণালী যুগটোৰ ওপৰত কেন্দ্ৰ কৰি নিৰ্মাণ কৰা হৈছে উক্ত ছবিখন। সেইটো সময়ৰ ফুটবল টীমৰ “কোচ্ছ” চৈয়দ আব্দুল ৰহিমৰ চৰিত্ৰত অভিনয় কৰিব অজয় দেৱগনে। ৰহীমৰ নেতৃত্বত ১৯৫৬ চনত কেনেদৰে ফুটবল টীমটোৱে অলিম্পিকৰ চেমী ফাইনেলত প্ৰৱেশ কৰাৰ সুবিধা অৰ্জন কৰিছিল তাকেই দেখুওৱা হ’ব ছবিখনত।


২০২০ চনত মুক্তি পাবলগীয়া এই ছবিখনৰ প্ৰযোজনা কৰিছে বনী কাপুৰ, আকাশ চাওঁলা আৰু অৰুণাৱা জাই সেনগুপ্তাই। অভিনেতা অজয় দেৱগনে ছবিখনৰ ফাৰ্ষ্ট লুক নিজৰ ইনষ্টাগ্ৰাম পেজত আপলোড কৰিছে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform