টীম ইণ্ডিয়াৰ কেপ্তেইন ও স্বামী বিৰাটৰ সৈতে ৱেষ্ট ইণ্ডিছত ব্যস্ত বি-টাউনৰ মোহময়ী অভিনেত্ৰী অনুষ্কা শৰ্মা। একেলগে সময় অতিবাহিত কৰাৰ লগতে বিভিন্ন ফটোও আপলোড কৰিছে দুই স্বামী-স্ত্ৰীয়ে।

১৯ আগষ্ট তাৰিখে ৰাতিপুৱাই অনুষ্কাই শ্বেয়াৰ কৰা এখন ফটো ভাইৰেল হৈ পৰিল চচিয়েল মিডিয়াত। অইনৰ দৰে ফটোখনৰ প্ৰেমত পৰিল বিৰাট কোহলীও। অনুষ্কাৰ ফটোত “লাভ ৰিয়েক্ট” ৰে কমেন্ট কৰে বিৰাটে।
চুইমিং পুলৰ ওচৰত বহি উঠা ফটোখন ১০ লাখতকৈও অধিক দৰ্শকে পচন্দ কৰিছে।

উল্লেখ্য যে, অভিনেত্ৰী অনুষ্কাই কোনো ধৰণৰ নতুন ছবিত কাম আৰম্ভ কৰা নাই যদিও; জানিব পৰা মতে, তেওঁৰ প্ৰডাকছন হাউছৰ পৰা নেটফ্লিক্সত এখন চিৰিজ প্ৰযোজনা কৰি আছে।
Add comment