Rupaliparda.com

“গেম অৱ থ্ৰনছ” চিৰিজখনক লৈ সুখী নহয় জৰ্জ আৰ আৰ মাৰ্টিনঃ

টিভি চেনেল HBO ত প্ৰচাৰিত চিৰিজ “গেম অৱ থ্ৰনছ” ক লৈ সুখী নহয় লিখক জৰ্জ আৰ আৰ মাৰ্টিন। চিৰিজখনে অষ্টম খণ্ডটোত দৰ্শকৰ ফালৰ পৰা মনে বিচৰা ধৰণে প্ৰতিক্ৰিয়া নাপালে। এই সকলোবোৰৰ মাজতেই “গেম অৱ থ্ৰনছ” ক এখন লেহেমীয়া চিৰিজৰ আখ্যা দি জৰ্জ আৰ আৰ মাৰ্টিনে কয় যে, “মোৰ লগা নাই যে, টিভি চিৰিজখন মোৰ বাবে ভাল আছিল; যি বস্তুৱে মোক এটা গতি প্ৰদান কৰিছিল, আজি সেই বস্তুটোৱে মোক পিছলৈ টানি আছে।”

"গেম অৱ থ্ৰনছ" চিৰিজখনক লৈ সুখী নহয় জৰ্জ আৰ আৰ মাৰ্টিনঃ 1
"গেম অৱ থ্ৰনছ" চিৰিজখনক লৈ সুখী নহয় জৰ্জ আৰ আৰ মাৰ্টিনঃ 2


তেওঁৰ এই মন্তব্যটোৱে সাংঘাতিক চৰ্চা লাভ কৰিছে যদিও অলপতে মুকলি কৰা ৭১ সংখ্যক এমী এৱাৰ্ডৰ নমিনেশ্বন লিষ্টত প্ৰায় ৩২ টা নমিনেশ্বন পাবলৈ সক্ষম হয় “গেম অৱ থ্ৰনছ” চিৰিজখনে। উল্লেখ্য যে, “গেম অৱ থ্ৰনছ” -এ আজিলৈকে অনুষ্ঠিত হোৱা প্ৰত্যেকটো এৱাৰ্ড ফাঞ্চনতে নিজক নমিনেশ্বনৰ শাৰীত আনিবলৈ সক্ষম হৈছে। কোৱা বাহুল্য যে, “গেম অৱ থ্ৰনছ” চিৰিজ খনে আৰম্ভণিৰ পৰা বৰ্তমানলৈ মুঠ ১৬১ টা নমিনেশ্বন পাবলৈ সক্ষম হয়।

"গেম অৱ থ্ৰনছ" চিৰিজখনক লৈ সুখী নহয় জৰ্জ আৰ আৰ মাৰ্টিনঃ 3

Add comment

Leave a Reply

Most popular

Your Header Sidebar area is currently empty. Hurry up and add some widgets.