চনী টিভিৰ ধাৰাবাহিক “বেহড” টো মনত আছে সকলোৰে? আৰু “বেহড” ৰ মায়াক?? আছলতে, ২০১৭ চনতেই অব্যাহতি লোৱা এই ধাৰাবাহিক খন যিসকল দৰ্শকে উপভোগ কৰিছে তেওঁলোকৰ বাবে “মায়া” হৈছে এনে এক চৰিত্ৰ যিয়ে কেইবাদিনো ধৰি তেওঁলোকৰ মন-মগজুত সোমাই আছিল। “বেহড” ৰ দ্বিতীয়টো সংস্কৰণক লৈও অপেক্ষা কৰি ৰৈছিল বহু জন।


গতিকে, অপেক্ষাৰ সাম কাটি “বেহড-২” আহি আছে পুনৰ বাৰ আপোনালোকৰ মাজলৈ। “মায়া” চৰিত্ৰত নিজৰ দমদাৰ অভিনয়েৰে দৰ্শকৰ হৃদয় জিনা অভিনেত্ৰী জেনিফাৰ ৱিংগেটে ইতিমধ্যে এই কথাৰ স্পষ্টীকৰণ দিছে এক ইনষ্টাগ্ৰাম পোষ্টৰ জৰিয়তে।

জেনিফাৰৰ সহঃঅভিনেতা ৰূপত “নামকৰণ” ধাৰাবাহিক খনৰ অভিনেতা বিৰাফ পেটেলে অভিনয় কৰিব বুলি বাতৰি ওলাইছে যদিও এইক্ষেত্ৰত কোনোধৰণৰ ৰাজহুৱা ঘোষণা কৰা হোৱা নাই। চলিত বৰ্ষৰ শেষৰ ফালে নাইবা ২০২০ চনৰ প্ৰথম ছোৱাতে ধাৰাবাহিক খন প্ৰচাৰ কৰা হ’ব।
Add comment