Rupaliparda.com

প্ৰতিভাৰ দ্বাৰা ৰেণুৱে পালে বলীউডত স্থানঃ

আপুনি বাৰু ভাগ্যৰ লিখনত বিশ্বাস কৰেনে? মনে বিচৰা বস্তু নিদিয়াৰ ফলত আপুনিওটো চাগে বহুৱাৰ নিজৰ ভাগ্যখনক গালি দিছে। আছলতে, এয়া স্বাভাৱিক। আমি ভবা মতে কামবোৰ নহ’লেই ভাগ্যক দোষ দিওঁ। কিন্তু, এগৰাকী মহিলা আছে; যি গৰাকীক তেওঁৰ কন্ঠই এটা ৰেলৱে ষ্টেচনত কাম কৰি থকা এগৰাকী মহিলাৰ পৰা উঠাই নি বলীউডত স্থান দিলে।

প্ৰতিভাৰ দ্বাৰা ৰেণুৱে পালে বলীউডত স্থানঃ 1


হয়, আপুনি ঠিকে ধৰিছে; মই পশ্চিম বেংগলৰ নিৱাসী ৰেণু মণ্ডলৰ কথাকেই কৈছো। কিছুদিন পূৰ্বে ফেচবুকত “বৰপেটা টাউন দা প্লেচ অৱ পিছ” নামে এটা পেজৰ দ্বাৰা ৰেণু মণ্ডলে গোৱা এটা সংগীত আপলোড কৰা হৈছিল। ৰেলৱে ষ্টেচনতে বহি ৰেণুৱে লতা মংগেশকাৰে কন্ঠদান কৰা “প্যাৰ কা নাগমা” গীতটি গাইছিল। ইয়াৰ পিছৰ পৰাই উক্ত ভিডিঅ’টি অধিক সংখ্যাত শ্বেয়াৰ হ’বলৈ আৰম্ভ কৰে আৰু শেষত গৈ এই ভিডিঅ’টিয়ে মহিলা গৰাকীক দিয়ে এক নতুন চিনাকী।


বলীউডৰ জনপ্ৰিয় গায়ক হিমেশ ৰেচমিয়াই তেওঁৰ আহিবলগীয়া ছবি “হেপ্পী হাৰ্ডি এন্ড হিৰ” ৰ এটা গীতত কন্ঠদান কৰাৰ সুবিধা দিয়ে ৰেণুক। নিজ ইনষ্টাগ্ৰাম পেজত এটা ভিডিঅ’ আপলোড কৰি হিমেশে দৰ্শকক এই কথা জানিবলৈ দিয়ে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.