Rupaliparda.com

“মাৰজাৱা” ৰ মুকলি ফাৰ্ষ্ট লুক পষ্টাৰঃ

“এক ভিলেইন” ৰ পিছত পুনৰ বাৰ ৰিতেশ দেশমুখ আৰু সিদ্ধাৰ্থ মালহোত্ৰাক দেখা যাব প্ৰতিদ্বন্দিৰ ৰূপত। আকৌ এবাৰ এজনে আনজনক মাৰিবলৈ হ’ব সাজু। বহু প্ৰত্যাশিত ছবি “মাৰজাৱা” ৰ ইতিমধ্যে ফাৰ্ষ্ট লুক পষ্টাৰৰ মুক্তি দিয়া হৈছে।


পষ্টাৰখনত ৰিতেশ দেশমুখক এজন ৩ ফুট উচ্চতাৰ ব্যক্তিৰ ৰূপত দেখিবলৈ পোৱা গৈছে। মিলাপ জবেৰীৰ দ্বাৰা পৰিচালিত এই ছবিখনত দৰ্শকে ৰোমাঞ্চৰ সৈতে দেখিবলৈ পাব থ্ৰীলাৰো। ৰিতেশ দেখমুখ আৰু সিদ্ধাৰ্থ মালহোত্ৰাৰ লগতে ছবিখনত অভিনয় কৰিছে ৰকুলপ্ৰীত তথা তাৰা সুতাৰিয়াই।

"মাৰজাৱা" ৰ মুকলি ফাৰ্ষ্ট লুক পষ্টাৰঃ 1


ছবিখনৰ ফাৰ্ষ্ট লুক দৰ্শকৰ মাজত উলিয়াই দিয়াৰ সমান্তৰালকৈ দুই অভিনেতাই নিজৰ মাজতে কৰিছে ডায়লগবাজী। এজনৰ কথাৰ প্ৰতিউত্তৰ দিছৰ আনজনে। চলিত বৰ্ষৰ ২২ নৱেম্বৰ তাৰিখে মুক্তি পাব উক্ত ছবিখন।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.