Rupaliparda.com

বালাকোট এয়াৰ এট্টেকক কেন্দ্ৰ কৰি নিৰ্মাণ কৰা হ’ব ছবিঃ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বায়’পিকৰ পিছত অভিনেতা বিবেক ওবেৰয়য়ে নিৰ্মাণ কৰিব বালাকোট এয়াৰ এট্টেকক কেন্দ্ৰ কৰি এখন ছবি। ভাৰতীয় বায়ুসেনাক সন্মান জনাই অভিনেতা গৰাকীয়ে নিৰ্মাণ কৰিব উক্ত ছবিখন। এই এট্টেকটোৰ সৈতে জড়িত ৱিংগ কমাণ্ডৰ অভিনন্দনৰ কাহিনীকো প্ৰতিফলিত কৰা হ’ব বিবেক ওবেৰয়ৰ এই ছবিখনত।

বালাকোট এয়াৰ এট্টেকক কেন্দ্ৰ কৰি নিৰ্মাণ কৰা হ'ব ছবিঃ 1
বালাকোট এয়াৰ এট্টেকক কেন্দ্ৰ কৰি নিৰ্মাণ কৰা হ'ব ছবিঃ 2
বালাকোট এয়াৰ এট্টেকক কেন্দ্ৰ কৰি নিৰ্মাণ কৰা হ'ব ছবিঃ 3


উল্লেখ্য যে, ছবিখনৰ বাবে ইতিমধ্যে অভিনেতা গৰাকীয়ে অনুমতি লাভ কৰিছে। বৰ্তমানলৈ ছবিখনৰ বাবে “কাষ্ট” ৰ নাম জানিব পৰা হোৱা নাই যদিও ইয়াৰ শ্বুটিং ৰ কাম আৰম্ভ হ’ব ২০২০ চনৰ প্ৰথমৰ পৰাই। জম্মু-কাশ্মীৰ, দিল্লী আৰু আগ্ৰাৰ বিভিন্ন ঠাইত ছবিখনৰ দৃশ্যগ্ৰহণৰ কাম কৰা হ’ব। লগতে ছবিখন হিন্দী, তামিল, তেলেগু ভাষাত মুক্তি দিয়া হ’ব।

Add comment

Leave a Reply