টেলিভিশ্বনৰ আটাইতকৈ জনপ্ৰিয় ৰিয়েলিটী শ্ব’ “বিগ বছ ১৩” অন্তৰ্ভূক্ত হ’বলৈ নাকচ কৰিছে ইজনৰ পিছত সিজন চেলিব্ৰেটিয়ে। কমেডিয়ান সুনীল গ্ৰ’ৱাৰৰ পিছত এইবাৰ শ্ব’টোত আহিবলৈ মানা কৰিছে “সংকট মোছন মহাৱলী হনুমান” শীৰ্ষক ধাৰাবাহিকখনৰ অভিনেতা অৰুণ মণ্ডলাই।


অভিনেতা গৰাকীৰ মতে, যেতিয়াই তেওঁ এনেধৰণৰ কিবা ৰিয়েলিটী শ্ব’ উপভোগ কৰে তেতিয়া তেওঁৰ মনলৈ ঋণাত্মক ভাৱধাৰা বোৰ আহে। লগতে তেওঁ কয় যে,” এজন অভিনেতাই তেতিয়াহে এনেকুৱা শ্ব’ কৰিব লাগে যেতিয়া তেওঁ জনপ্ৰিয়তা লাভ কৰাটো নিশ্চিত হৈ পৰে। “বিগ বছ” ত কেতিয়াবা লোকসমূহে বাচি থাকিবলৈ বহুত বেছি খঙাল হৈ পৰে। ৰিয়েলিটী শ্ব’ ত নিজৰ খং দমাই ৰখাটো সাংঘাতিক কঠিন; কিয়নো সকলোৱে নিজ ৰণ-নীতি বনাই ৰাখে।”

“বিগ বছ” অনুষ্ঠানটোত কেতিয়াবা কোনো প্ৰতিযোগীয়ে জনপ্ৰিয়তা লাভৰ বাবে অন্য প্ৰতিযোগীক ইমানেই অধিক অশান্তি কৰে যে তেওঁ সেইবোৰ চাব নোৱাৰে বুলি মত ব্যক্ত কৰে অভিনেতা অৰুণ মণ্ডলাই।
Add comment