Rupaliparda.com

আদালতে স্থগিত কৰিলে “কে.জি.এফ ২” শ্বুটিং-

আদালতে দিয়া ৰায়ৰ বাবে স্থগিত “কে.জি.এফ ২” ৰ শ্বুটিং।দক্ষিণৰ ছবি “কে.জি.এফ” ৰ হিন্দী ডাবিঙক পচন্দ কৰাৰ লগতে ইয়াৰ দ্বিতীয় সংস্কৰণটোৰ বাবেও অপেক্ষা কৰি ৰৈছে একাংশ দৰ্শক। কিন্তু হঠাৎ ৰৈ গ’ল “কে.জি.এফ ২” ৰ শ্বুটিং।

আদালতে স্থগিত কৰিলে "কে.জি.এফ ২" শ্বুটিং- 1
আদালতে স্থগিত কৰিলে "কে.জি.এফ ২" শ্বুটিং- 2


আছলতে, কোলাৰ গোল্ড ফিল্ডৰ চায়নাইড পাহাৰৰ ওপৰত ছবিখনৰ শ্বুটিং আৰম্ভ কৰা হৈছিল। কিন্তু, পাহাৰৰ ওচৰত বাস কৰা কোনো ব্যক্তিয়ে আদালতত গৈ কেছ ৰুজু কৰে যে, উক্ত ছবিখনৰ শ্বুটিংৰ বাবে ওচৰৰ প্ৰাকৃতিক পৰিৱেশৰ বহু ক্ষতি হৈছে।

আদালতে স্থগিত কৰিলে "কে.জি.এফ ২" শ্বুটিং- 3


ইয়াৰ ফলতেই চলিত মাহৰ পৰা আৰম্ভ হোৱা ছবিখনৰ শ্বুটিঙত আদালতে হস্তক্ষেপ কৰে। উক্ত ঘটনাটোৰ শুনানি ২৩ চেপ্তেম্বৰত হ’ব।

Add comment

Leave a Reply

Most popular

Your Header Sidebar area is currently empty. Hurry up and add some widgets.