Rupaliparda.com

পঁপ সম্ৰাট মাইকেল জেকচনৰ জন্মদিন উদযাপনঃ

১৩ টা গ্ৰেমী এৱাৰ্ড, গ্ৰেমী লিজেণ্ড এৱাৰ্ড, গ্ৰেমী লাইফটাইম এছিভমেন্ট এৱাৰ্ড, ২৬ টাকৈ আমেৰিকান মিউজিক এৱাৰ্ড লাভ কৰা পঁপ সম্ৰাট মাইকেল জেকচনৰ জন্মদিন উদযাপন। মাইকেল জেকচন প্ৰথমজন এনে গায়ক, গীতিকাৰ আৰু পঁপ ডেন্সাৰ যাক “ৰক এণ্ড ৰ’ল হ’ল অফ ফেম” ত অন্তভূৰ্ক্ত কৰা হৈছিল।

পঁপ সম্ৰাট মাইকেল জেকচনৰ জন্মদিন উদযাপনঃ 1


৮০ দশকতে জনপ্ৰিয় হৈ উঠা এই মহান শিল্পী গৰাকীয়ে ১৯৮৭ চনত মুক্তি প্ৰাপ্ত মিউজিক ভিডিঅ’ “স্মুুথ ক্ৰিমিনেল” ত যি ডেন্স প্ৰদৰ্শন কৰিছিল তাক বৰ্তমান সময়লৈ কোনেও কৰাৰ কথা চিন্তাও কৰিব নোৱাৰে।

পঁপ সম্ৰাট মাইকেল জেকচনৰ জন্মদিন উদযাপনঃ 2


ৰবোটিক ডেন্স তথা মুনৱাঁকৰ লগতে তেওঁ সমষ্ট জনগণক চিনাকী কৰাই দিছিল হিপ-হপ, কন্টেম্পৰী, পপঁ আৰু ৰ’কৰ সৈতে। তেওঁৰ নিজৰ লুকক আৰু অধিক দেখনিয়াৰ কৰিবলৈ ২ বাৰকৈ প্লাষ্টিক চাৰ্জাৰি কৰিছিল। জীয়াই থকাৰ প্ৰৱল ইচ্ছা থকা পিছতো তেওঁ মৃত্যুৰ কেইদিনমান পূৰ্বে নিজে নিজক গুলীয়াই দিয়াৰ কথা চিন্তা কৰিছিল।


২০০৯ চনত ২৫ জুন তাৰিখে এই পপঁ সম্ৰাট গৰাকীক নিজৰ শোঁৱনি কোঠাত মৃত অৱস্থাত পোৱা যায়।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform