Rupaliparda.com

“দা জয়া ফেক্টৰ” ৰ মুক্তি কৰা হ’ল ট্ৰেইলাৰঃ

দৰ্শকে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি থকা ছবি “দা জয়া ফেক্টৰ” ৰ ইতিমধ্যে মুক্তি কৰি দিয়া হ’ল ট্ৰেইলাৰ। ট্ৰেইলাৰটোৰ দ্বাৰাই ধৰিব পৰা যায় যে ছবিখনত সোনম কাপুৰৰ চৰিত্ৰটোৱে দৰ্শকক আমোদ প্ৰদান কৰিব।


কিছুদিন পূৰ্বে ছবিখনৰ ফাৰ্ষ্ট লুক পোষ্টাৰ মুকলি কৰা হৈছিল। প্ৰথম পোষ্টাৰ খনেই দৰ্শকৰ মনত এক প্ৰশ্নৰ সৃষ্টি কৰিছিল।

"দা জয়া ফেক্টৰ" ৰ মুক্তি কৰা হ'ল ট্ৰেইলাৰঃ 1


কপিল দেৱৰ সেই সময়ছোৱাত যেতিয়া ভাৰতে ৱ’ৰ্ল্ড কাপত জয়ী হৈছিল তেতিয়াই ছবিখনত জন্ম হৈছিল ” জয়া” অৰ্থাৎ সোনম কাপুৰৰ। পিছলৈ এই জয়াই ক্ৰিকেটৰ বাবে এনে “লাকী” হৈ পৰে যে দৰ্শকে ক্ৰিকেট চোৱাৰ আগতে জয়াক পূজা কৰি লয়। ট্ৰেইলাৰটোত দেখুওৱা এনে কিছু দৃশ্যই দৰ্শকক মনোৰঞ্জন কৰাইছে।
চলিত বৰ্ষৰ ২০ চেপ্তেম্বৰ তাৰিখে মুক্তি পাব উক্ত ছবখন।

Add comment

Leave a Reply

Most popular