প্লাষ্টিকৰ দ্বাৰা হ’ব পৰা প্ৰদূষণে চিন্তাত পেলাইছে এতিয়া প্ৰত্যেককে। সেয়া সাধাৰণ জনেই হওঁক অথবা কোনো চিলেব্ৰটী। প্লাষ্টিকমুক্ত এখন দেশৰ আশাত সষ্টম হৈ পৰিছে সকলো।

প্লাষ্টিক ব্যৱহাৰৰ পৰা সকলোকে আঁতৰিবলৈ এক লেখত ল’বলগীয়া পদক্ষেপ গ্ৰহণ কৰিছে “কুলী নম্বৰ-১” ৰ ৰিমেকৰ শ্বুটিং ত ব্যস্ত হৈ থকা সকলো কৰ্মকৰ্তাই। বৰুণ ধাৱনৰ পৰা আদি কৰি তেওঁৰ পিতৃ ডেবিদ ধাৱন লগতে সাৰা আলি খানেও এই পদক্ষেপত অংশগ্ৰহণ কৰিছে।
বৰুণ ধাৱনে এক টুইট যোগে এই কথা দৰ্শকক জনায়। উল্লেখ যোগ্য যে, এয়া প্ৰথম বাৰ হৈছে য’ত এটা শ্বুটিং চেট সম্পূৰ্ণৰূপেই প্লাষ্টিক মুক্ত কৰি দিয়া হৈছে।
Add comment