Rupaliparda.com
বিন্দাছ ভাই-ককাইৰ কাহিনীৰে "ককাইদেউ বিন্দাছ"- 1

বিন্দাছ ভাই-ককাইৰ কাহিনীৰে “ককাইদেউ বিন্দাছ”-

জ্যোতি বৰদলৈৰ পৰিচালনাৰে চলিত বৰ্ষৰ ১ মাৰ্চ তাৰিখে মুক্তিপ্ৰাপ্ত অসমীয়া ছবিখন হৈছে “ককাইদেউ বিন্দাছ”। সম্পূৰ্ণ ড্ৰামা ও কমেডী সমৃদ্ধ এই ছবিখন নিৰ্মাণ কৰা হৈছিল ড্ৰীম প্ৰডাকচনৰ বেনাৰত।


ড° অঞ্জন গোস্বামী, নাছিৰ হুছেইন,ৰমেশ পাণ্ডে চেট্ৰী আৰু ৰাহুল মোদীৰ প্ৰযোজনাৰে উক্ত ছবিখন দুজন ভাই-ককাইৰ কাহিনীক কেন্দ্ৰ কৰি নিৰ্মাণ কৰা হৈছে। দুজন ভাই-ককাইৰ চিন্তা-ধাৰা, তেওঁলোকৰ জীৱন দৰ্শন লগতে তেওঁলোক এজন আনজনৰ সৈতে কিমান অমিল সেইবোৰক কেন্দ্ৰ কৰিয়ে ঘূৰি আছে “ককাইদেউ বিন্দাছ” ৰ কাহিনীভাগ।


ছবিখনত অভিনয় কৰিছে গুঞ্জন ভৰদ্বাজ,নিকুমণি বৰুৱা,আলিস্মিতা গোস্বামী, জুনু নাথ, মিন্টু বৰুৱা, জয়ন্ত দাস, মনুজ চক্ৰৱৰ্তী, পৰী মহন্ত, ডলি ঠাকুৰীয়া, ধৰ্মৰাম ডেকা আৰু গোপামণি গগৈয়ে।

বিন্দাছ ভাই-ককাইৰ কাহিনীৰে "ককাইদেউ বিন্দাছ"- 2
বিন্দাছ ভাই-ককাইৰ কাহিনীৰে "ককাইদেউ বিন্দাছ"- 3


“ককাইদেউ বিন্দাছ” ৰ গীতসমূহত কন্ঠ নিগৰাইছে জুবিন গাৰ্গ, নাহিদ আফ্ৰিন, নীল আকাশ, ৰূপম ভূঞা, বৰ্ণালী কলিতা, সুবাসনা দত্ত আৰু ৰাকেশ ৰিয়ানে।

Add comment

Your Header Sidebar area is currently empty. Hurry up and add some widgets.