যিমানেই সমালোচনাৰ সন্মুখীন নহওঁক কিয়?? “বিগ-বছ” ৰ বাবে অপেক্ষা সকলোৱে কৰে। ১২ টা চিজন সম্পূৰ্ণ কৰা এই ৰিয়েলিটী শ্ব’টোৰ আহি আছে ১৩ নম্বৰ চিজন।

ইতিমধ্যে শ্ব’টোৰ মুক্তি কৰি দিয়া হৈছে প্ৰমো’। প্ৰমোটোত ছলমানৰ সৈতে নাগিনৰ অভিনেত্ৰী সুৰভী আৰু কৰণ ৱাহিক দেখিবলৈ পোৱা গৈছে। উক্ত প্ৰমোটোত ছলমান আৰু সুৰভীৰ মাজত কিছু প্ৰেমলাপ আৰু তৰ্কা-তৰ্কি কৰা দেখুওৱা হৈছে। গতিকে, ইয়াৰ দ্বাৰা বুজিব পৰা যায় যে, এইবাৰৰ “বিগ-বছ” ত প্ৰেমৰ লগতে থাকিব অভিমান আৰু অভিযোগ।
Add comment