Rupaliparda.com
বিকিৰ যুদ্ধ "জম্বী" ৰ সৈতেঃ 1

বিকিৰ যুদ্ধ “জম্বী” ৰ সৈতেঃ

বিকি কৌশল বৰ্তমান ব্যস্ত তেওঁৰ আহিবলগীয়া ছবি “ভূত-ডা হন্টেড ছিপ” ক লৈ। ক’বলৈ গ’লে ছবিখনৰ লগত জড়িত হৈ আছে কেইবাটাও নতুন কথা। ধৰ্মা প্ৰডাকচনে যোৱা ১৪ টা বছৰৰ পিছত প্ৰযোজনা কৰিছে এখন ভূতৰ ছবি লগতে পৰিচালক ভানু প্ৰতাপ সিংহৰ উক্ত ছবিখনেই হৈছে প্ৰথমখন ছবি।

বিকিৰ যুদ্ধ "জম্বী" ৰ সৈতেঃ 2


“ভূত-ডা হন্টেড ছিপ” শীৰ্ষক নামটোৱে দৰ্শকক ছবিখনক লৈ কিছু আভাষ দিয়া যেন অনুভৱ হয়। ছবিখনত অভিনেতা বিকি কৌশল এগৰাকী ইঞ্জিনিয়াৰৰ চৰিত্ৰত অভিনয় কৰিব আৰু তেওকঁ “জম্বী” ৰ সৈতে যুদ্ধ কৰা দেখিবলৈ পোৱা যাব। উল্লেখ্য যে, ছবিখনৰ মূখ্য অভিনেত্ৰী ভূমিকো এজনী ভূতুনীৰ চৰিত্ৰত দৰ্শকে দেখিবলৈ পাব বুলি ধাৰণা কৰা হৈছে।

বিকিৰ যুদ্ধ "জম্বী" ৰ সৈতেঃ 3


চলিত বৰ্ষৰে ১৫ নৱেম্বৰ তাৰিখে মুক্তি পাব “ভূত-ডা হন্টেড ছিপ”।

Add comment

Leave a Reply