অসমীয়া চলচিত্ৰ জগতত জুবিনৰ “কাঞ্চনজংঘা” ই লাভ কৰিছে দৰ্শকৰ জাউৰিয়ে জাউৰিয়ে হাত চাপৰি লগতে লাভ কৰিছে জলীউডৰ সমষ্ট শিল্পীৰেই সঁহাৰি। প্ৰত্যেক গৰাকী শিল্পীয়ে নিজৰ চচিয়েল মিডিয়া একাউন্টত হেছ টেগ “কাঞ্চনজংঘা” ৰে আপলোড কৰিছে পোষ্ট। এনেক্ষেত্ৰত আপুনি বাৰু অংগৰাগ পাপন মহন্ত নথকা কথাটো অনু্ভৱ কৰিছে নে?

আছলতে, তেওঁ আছে মুম্বাইত। তেওঁ এখন বৃহৎ মিউজিক কনচাৰ্ট “ৰেহমতে” ৰ প্ৰস্তুতি চলাইছে বলীউডৰ শিল্পী ছান আৰু অংকিত তিৱাৰীৰ সৈতে। উক্ত কনচাৰ্ট খন উঠি অহা শিল্পী সমূহক অৰ্থনৈতিকভাৱে সমৰ্থন জনোৱাৰ বাবে আয়োজন কৰা হৈছে; য’ত নিজ গীতেৰে এই সহায় আগবঢ়াব মিউজিক জগতৰ তাৰকা সকলে। “ৰেহমতে” ৰ সপ্তমতম্ সংস্কৰণত যোগদানত এতিয়া ব্যস্ত হৈ পৰিছে পাপন।

চলিত মাহৰ ২৫ তাৰিখে ই অনুষ্ঠিত হ’ব মুম্বাইস্থিত সানমুখানন্দা অ’ডিটৰিয়ামত।
Add comment