ৰং চেনেলত প্ৰচাৰিত ধাৰাবাহিক “বিধাতা” ই অলপতে শেষ কৰিলে নিজৰ অন্তিমটো খণ্ড। “পূৰ্ণিমা” তথা ধাৰাবাহিকখনৰ প্ৰত্যেকটো চৰিত্ৰ লগতে কাহিনীয়ে দৰ্শকৰ পৰা লাভ কৰিছিল অভূতপূৰ্ব সঁহাৰি।

কিন্তু দৰ্শকৰ মৰমৰ এই “পূৰ্ণিমা” জনীক আপুনি আৰু নেদেখিব বুলি দুখ কৰিছে নেকি? তেন্তে, শুনক এটা ভাল খবৰ। ৰূপালী পৰ্দাৰ লগত হোৱা কথা-বতৰাত অভিনেত্ৰী গৰাকীয়ে জনাই যে তেওঁ বৰ্তমান ব্যস্ত তেওঁৰ আহিবলগীয়া দুখন ছবিৰ শ্বুটিঙত। এখন হৈছে “অন্বেষণ” আৰু আনখন হৈছে “যাযাবৰ”। তেওঁ এতিয়ালৈ আৰু কোনোধৰণৰ ধাৰাবাহিকৰ কথা চিন্তা কৰা নাই।
প্ৰেম কাহিনীৰ ওপৰত কেন্দ্ৰ কৰি নিৰ্মাণ কৰা হৈছে “অন্বেষণ” ৰ কাহিনীভাগ। য’ত আইমী বৰুৱাৰ সৈতে অভিনয় কৰিব গুঞ্জন ভৰদ্বাজে। আনহাতে , ভূপেন হাজৰিকা আত্মজীৱনী “মই এটি যাযাবৰ” ক কেন্দ্ৰ কৰি নিৰ্মাণ কৰা হৈছে “যাযাবৰ” ৰ কাহিনীভাগ।

উক্ত দুয়োখন ছবিৰ লগতে পৰৱৰ্তী সময়ত আইমীক দেখিবলৈ পোৱা যাব কেইটিমান অসমীয়া মিউজিক ভিডিঅ’টো।
Add comment