অসমীয়া ছবিয়ে যি এক মজবুত গাঁঠি মাৰিছে তাক বৰ্তমান সহজে খুলি দিয়াটো অসম্ভৱ। কিছু সময়ৰ পৰা নিৰ্মাণ হ’বলৈ লোৱা প্ৰত্যেকখন ছবিয়ে দৰ্শকক আমোদ প্ৰদান কৰিছে। সমান্তৰালভাৱে, অভিনেতা-অভিনত্ৰী সমূহেও কষ্ট কৰিছে দৰ্শকৰ সমাদৰ লাভ কৰিবলৈ।

শ্বুটিঙতো ব্যস্ত হৈ আছে অসমীয়া জগতৰ কেইবাগৰাকীও তাৰকা। তেনে এক শ্বুটিঙৰ খবৰ দিছে অভিনেতা উদয়ন দুৱৰাই। নিজ ইনষ্টাগ্ৰাম একাউন্টত তেওঁৰ আহিবলগীয়া ছবি “গুৱাহাটী ডায়েৰী” ৰ শ্বুটিঙৰ এক ফটো আপলোড কৰে।

উল্লেখ্য যে, প্ৰশান্ত শইকীয়াৰ নিৰ্দেশনত নিৰ্মিত এই ছবিখনৰ কাহিনীভাগ ঘূৰিব গুৱাহাটী অঞ্চলৰ বিভিন্ন ঘটনা-পৰিঘটনাৰ ওপৰত। ইয়াত অভিনয় কৰিছে উদয়ন দুৱৰা লগতে বৰষাৰাণী বিষয়া, উৰ্মিলা মহন্ত আৰু পাৰ্ৱতী বৰুৱাই।
Add comment