ধুনীয়া হ’বলৈনো কোনে নিবিচাৰে?? ক’ৰবালৈ গ’লে নিজক সুন্দৰকৈ প্ৰস্তুত কৰাটো এক ডাঙৰ কাম হৈ পৰে সাধাৰণজনৰ পৰা অভিনেতা-অভিনেত্ৰীলৈ। এনেক্ষেত্ৰত সাধাৰণ ৰাইজে প্ৰায়ে মেক-আপৰ ক্ষেত্ৰত ফ’ল কৰে কোনো অভিনেতা-অভিনেত্ৰীক। বিশেষকৈ অভিনেত্ৰী সকলৰ পিন্ধনৰ পৰা আদি কৰি তেওঁলোকৰ মেক-আপলৈ সমষ্ট খিনিকেই তন্ন-তন্নকৈ চাবলৈ চেষ্টা কৰে তেওঁলোকৰ অনুৰাগীয়ে। এনেক্ষেত্ৰত, কেমেৰাৰ আগত নাইবা সাধাৰণজনৰ বাবে তেওঁলোকে নিজক ধুনীয়াকৈ প্ৰস্তুত কৰি ৰখাটো যথেষ্ট প্ৰয়োজনীয় হৈ পৰে। নহয়নে?

আজি আমি আপোনালোকক জনাম অসমীয়া চলচিত্ৰ জগতৰ এগৰাকী মোহময়ী অভিনেত্ৰী আইমী বৰুৱাৰ মেক-আপ টিপৰ বিষয়ে। ৰূপালী পৰ্দাৰ লগত হোৱা কথা-বতৰাত অভিনেত্ৰীগৰাকীয়ে জনাই যে-

“মই সঁচা কথা ক’বলৈ গ’লে মোৰ বাবে মেকআপ নকৰাকৈ থকাটোৱে হৈছে ভাল মেক-আপ। আমাৰ অভিনেত্ৰীসকলৰ ছাল খনেটো উশাহ ল’বলৈও সময় নাপায়। গতিকে, মই যেতিয়াই শ্বুটিঙত নাথাকো; তেতিয়া মই প্ৰায় মেক-আপ নলগোৱাকৈয়ে থাকো। আৰু, ছাল খনক পুষ্টি দিবলৈ হ’লে আমি সদায় স্বাস্থ্যকৰ বস্তু খাব লাগিব; যদি ছালখনেই আমাৰ শুকান হৈ যায় তেতিয়া তাত কোনো মেক-আপ ভালদৰে নবহে। মই এইটো কোৱা নাই যে একেবাৰে ছালখন তেলীয়া হ’ব লাগিব; যিটো প্ৰয়োজনীয় সেইটো কিন্তু লাগিবই। মোৰ মেক-আপৰ প্ৰথটো টিপ বুলি ক’লে সেইটোৱে যে মই সদায় পুষ্টিকৰ খাদ্যৰ লগতে যথেষ্ট পানী খাওঁ। পানীটো কেৱল মোৰ দেহ আৰু চুলিৰ কাৰণেই নহয়; ই আমাৰ ছালখনৰ বাবেও উপকাৰী।”

ইয়াৰ লগতে অভিনেত্ৰী গৰাকীয়ে জনাই যে আইমীয়ে কোনো ধৰণৰ ডাইট ফ’ল নকৰে। দিনটোত তেওঁৰ খোৱাৰ বাবে কোনো নিৰ্দ্দিষ্ট নিয়মাৱলী নাই। অভিনেত্ৰী গৰাকীয়ে বৰ্তমানো সেই ককা-আইতাৰ দিনৰেই খোৱা বস্তু খায়; যেনে মাছৰ টেঙাত যথেষ্ট তেল, মছলা নথকা বাবে তেওঁৰ এনেধৰণৰ খাদ্য প্ৰিয়।

অভিনেত্ৰী গৰাকীয়ে আকৌ কয় যে, ” মেক- আপ লগোৱা আগতে মই মুখখনত মইশ্বাৰাইজাৰ ভালদৰে লগাই লওঁ যাতে মেক-আপ লগোৱা পিছত সেই মেক-আপখিনি বহু সময়লৈ ভালদৰে থাকে।”

এয়াই হৈছে অভিনেত্ৰী আইমীৰ মেক-টিপ স্পেছিয়েল।
Add comment