Rupaliparda.com
দীক্ষুৰ গীতত এইবাৰ বলীউডৰ ৰহণ- 1

দীক্ষুৰ গীতত এইবাৰ বলীউডৰ ৰহণ-

সদায় নতুন ৰং সানি কন্ঠদান কৰা গায়ক দীক্ষুৰ কন্ঠত মুক্তি পাব তেওঁৰ আগন্তুক মিউজিক ভিডিঅ” “পাৰিজাত”। ইতিমধ্যে গীতটিৰ কেইবাখনো পোষ্টাৰ লগতে প্ৰমো’ মুকলি কৰি দিয়া হৈছে। গীতটি সম্পৰ্কে দীক্ষু শৰ্মাৰ সৈতে হোৱা ৰূপালীপৰ্দাৰ কথা-বতৰাত তেওঁ জনায় যে-

দীক্ষুৰ গীতত এইবাৰ বলীউডৰ ৰহণ- 2


“গীতটি সম্পৰ্কে তেওঁ যথেষ্ট আশাবাদী কিয়নো এই গীতৰ ভিডিঅ’টোত দৰ্শকে নতুনত্বৰ সোঁৱাদ পাব। গীতটিৰ শ্বুটিং কৰা হৈছে ৰাজস্থানত; আৰু মোৰ মতে এনেকুৱা মিউজিক ভিডিঅ’ৰ এয়াই প্ৰথম যাৰ শ্বুটিং কৰা হৈছে ৰাজস্থানৰ লোকেশ্বনত।

https://www.instagram.com/p/B2tkhsqgI9o/?utm_source=ig_web_copy_link
দীক্ষুৰ গীতত এইবাৰ বলীউডৰ ৰহণ- 3


ইতিমধ্যে মুকলি কৰা পোষ্টাৰ কেইখনত দৰ্শকৰো যথেষ্ট সঁহাৰি পাইছো; তেওঁলোকে বলীউড লেভেলৰ পোষ্টাৰ হৈছে বুলিও মোক জনাইছে। আছলতে, মোৰ গানটো তেনেকুৱাই; ৰোমান্টিক গীত লগতে তাত অকনমাণ বলীউডৰ ৰহণ সনা হৈছে।”

দীক্ষুৰ গীতত এইবাৰ বলীউডৰ ৰহণ- 4


উল্লেখ্য যে, দৰ্শকে গীতটিত এখন নতুন মুখো দেখিবলৈ পাব। গীতটিৰ প্ৰযোজক হৈছে প্ৰণয় দত্ত আৰু লিখক হৈছে বিজিয়েতা পাটগিৰী। গীতটিত ভিডিঅ’ পৰিচালক হিচাপে কাম কৰিছে সুব্ৰত কাকতিয়ে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.