স্বচ্ছতাক লৈ সৰৱ হৈ পৰিছে সমগ্ৰ জনতাৰ লগতে অসমীয়া চলচিত্ৰ জগতৰ তাৰকা সকলো। “স্বচ্ছতা” ৰ প্ৰতি লক্ষ্য ৰাখি তথা সাধাৰণজনক আৰু অধিক সৰৱ কৰি তুলিবলৈ গুৱাহাটীস্থিত শ্ৰদ্ধাঞ্জলী কাকনৰ পৰা এক চাইকেল ৰেলী অনুষ্ঠিত কৰা হয়; য’ত উপস্থিত থাকে মোহময়ী অভিনেত্ৰী আইমী বৰুৱা আৰু কন্ঠশিল্পী দীক্ষু শৰ্মাৰ লগতে বহু কেইজন বিজ্ঞ লোক।



আইমী তথা দীক্ষুয়ে নিজ ইনষ্টাগ্ৰামত ফটো আপলোড কৰিও দৰ্শকক “স্বচ্ছতা” ৰ প্ৰতি সষ্টম কৰিবলৈ চেষ্টা কৰে।
আপোনালোকক জনাই থওঁ যে, আইমী বৰুৱাই আগন্তুক সময়ত দুখনকৈ ছবিৰ সৈতে জড়িত হ’ব; সেইদুখন হৈছে ক্ৰমে “যাযাবৰ আৰু “অন্বেষণ”। লগতে, দীক্ষুৰ কন্ঠত “পাৰিজাত” শীৰ্ষক গীতটিয়ে মুক্তি লাভ কৰিব চলিত মাহৰ ২৬ তাৰিখে।
Add comment