জাহ্নু বৰুৱাৰ কাহিনী আৰু পৰিচালনাৰে তথা “চিলড্ৰেন ফিল্ম চছাইটী ইণ্ডিয়া” ৰ প্ৰযোজনাৰে ২০০৪ বৰ্ষতে শিশুকেন্দ্ৰিক বোলছবি “তৰা” ই মুক্তি লাভ কৰিছিল। সৰল-স্বাৰ্থপৰহীন মনৰ এটা শিশু কাহিনীৰে নিৰ্মিত কৰা হৈছিল বোলছবিখন।

মূখ্য চৰিত্ৰ “তৰা” নামৰ এজনী ৭ বছৰীয়া ছোৱালীক কেন্দ্ৰ কৰিয়েই ঘূৰি আছে বোলছবিখনৰ কাহিনীভাগ। যান্ত্ৰিকতাৰ পৰা ফালৰি কাটি এখন সপোন ৰাজ্যত বাস কৰা শিশুটোক লৈয়ে নিৰ্মাণ কৰা হৈছে “তৰা”। খেলা-ধূলাৰ বাবে প্ৰতিটো সময়ত লগ বিচাৰি ভাগৰি পৰা “তৰা” ই এদিন ওচৰ চুবুৰীয়াৰ ঘৰত জগা গৰু পোৱালীজনীৰ মাজতেই বিছাৰি পাইছিল নিজ খেলাৰ লগৰী। কিন্তু এদিন তাইৰ ঘৰ আৰু ওচৰ চুবুৰীয়াৰ কাজিয়া হোৱাত তাই হেৰুৱাব লগীয়া হৈছিল তাইৰ একমাত্ৰ লগৰী জনী। এয়াই হৈছে “তৰা” ৰ কাহিনীভাগ।

প্ৰশ্নসুলভ মন তথা সকলো বস্তু বুজি পাবলৈ থকা উৎস্যুকতাই এটা শিশুক ক্ষুদ্ৰ অথচ কিমান গভীৰ ভাৱে ভাবিবলৈ দিব পাৰে তাৰে এখন সজীৱ ছবি প্ৰতিফলিত কৰিছে বোলছবিখনত। সকলো সময়তে তাইক পঢ়াৰ কথা সুধি বা নিজ স্কুলৰ মাষ্টৰক সপোনত দানৱৰূপী দৈত্য হিচাপে দেখা পোৱা আদি সৰু সৰু কথাই বোলছবিখন আৰু বেছি গ্ৰহণযোগ্য কৰি তুলিছে।

প্ৰায় ১ ঘণ্টা ৩মিনিট দৈৰ্ঘ্যৰ বোলছবিখনে শিশুৰ মনৰ প্ৰায় সকলো কথা সামৰি ল’বলৈ চেষ্টা কৰিছে। নিজ ঘৰত সাজি লোৱা পুতলা ঘৰ, সপোনত পৰী ৰ লগত কথা পতা আদি শিশুৰ সৰু ডাঙৰ প্ৰত্যেকটো কথাত গুৰুত্ব দিছে বোলছবিখনে।

” নেশ্বনেল ফিল্ম এৱাৰ্ড ফ’ৰ বেষ্ট চিলড্ৰেন ফিল্ম” পুৰষ্কাৰপ্ৰাপ্ত বোলছবিখন অভিনয় কৰিছে মৃগাক্ষী,দীন বৈশ্য,অনুপ হাজৰিকা,প্ৰতিভা চৌধুৰী,ইন্দ্ৰানী চেতিয়া আৰু অতুল পাচনিয়ে। অভিনেতা-অভিনেত্ৰীৰ সুদক্ষ অভিনয়ে বোলছবিখন দৰ্শকৰ বাবে আৰু বেছি মনোগ্ৰাহী কৰি তুলিছে।
Add comment