Rupaliparda.com
"ঘোষ্ট" আহিব ১৮ অক্টোবৰতঃ 1

“ঘোষ্ট” আহিব ১৮ অক্টোবৰতঃ

“ৰাজ”, “১৯২০” আৰু “হোন্টেড থ্ৰী ডি” আদিৰ নিচিনা জনপ্ৰিয় ছবিৰ পৰিচালক বিক্ৰম ভাটে পুনৰ বাৰ দৰ্শকৰ বাবে লৈ আহিছে এখন ভূতৰ ছবি। ছবিখনত হিন্দী ধাৰাবাহিকত অভিনীত সানায়া ইৰানী আৰু শিৱম ভাৰ্গৱক মূখ্য চৰিত্ৰত দেখিবলৈ পোৱা যাব। উক্ত ছবিখন চলিত বৰ্ষৰ অক্টোবৰ মাহৰ ১৮ তাৰিখে ছবিগৃহত দেখিবলৈ পোৱা যাব।

"ঘোষ্ট" আহিব ১৮ অক্টোবৰতঃ 2


“ঘোষ্ট” শীৰ্ষক এই ছবিখনত এজন পুৰুষৰ পত্নীক হত্যাৰ পিছত পুৰুষজনে আদালতৰ আশ্ৰয় লয় আৰু তাতেই লগ পোৱা উকীল এগৰাকীৰ প্ৰেমত পৰে। কিন্তু এই প্ৰেম সহজ হৈ নাথাকে; কিয়নো পুৰুষজনৰ ওপৰত থাকে ভূতৰ ছাঁয়া। এয়াই হৈছে ছবিখনৰ কাহিনীভাগ। ছবিখনৰ ইতিমধ্যে মুকলি কৰি দিয়া হৈছে ট্ৰেইলাৰ। উল্লেখ্য যে, বিক্ৰম ভাটৰ পূৰ্বৰ প্ৰত্যেকখন ভূতৰ কাহিনীয়ে লাভ কৰিছে জনপ্ৰিয়তা; গতিকে এই ছবিখনেও দৰ্শকৰ পৰা সমাদৰ লাভ কৰিব বুলি ক’ব পৰা যায়।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.