“বিগ বছ ১৩” লৈ অপেক্ষাৰত বহু দৰ্শক। কাৰ্লাছত প্ৰচাৰ হ’বলগীয়া এই ৰিয়েলিটী শ্ব’টোত কোন কোন চিলেব্ৰিটী প্ৰতিযোগী ৰূপত আহিব লগতে বিগ-বছৰ এইবাৰৰ ঘৰটো কেনেকুৱা হ’ব অথবা এইবাৰৰ থীম কি; এই সকলোবোৰক লৈ উৎসাহী হৈ থাকে দৰ্শক।

গতিকে এই উৎসাহৰ প্ৰতি লক্ষ্য ৰাখি কাৰ্লাছে নিজৰ টুইটাৰত একাউন্টত পোষ্ট কৰিছে “বিগ বছ ১৩” ৰ ঘৰটোৰ কেইখনমান ফটো। উল্লেখ্য যে, “বিগ বছ ১৩” ৰ প্ৰিমিয়াৰ কৰা হ’ব চলিত মাহৰ ২৯ তাৰিখে ৰাতি ৯ বজাত। এইবাৰৰ এই শ্ব’টোত কেৱল মাত্ৰ চিলেব্ৰেটীকে দেখিবলৈ পোৱা যাব। দেৱলীনা, সিদ্ধাৰ্থ আৰু চাংকী পাণ্ডে, জেৰিন খান, মাহিকা শৰ্মা লগতে ৰহিম দেশাইক এইবাৰৰ শ্ব’টোত দেখিবলৈ পোৱা যাব।
Add comment