Rupaliparda.com
৫০ উৰ্দ্ধৰ বৃদ্ধাৰ হাতত বন্দুকঃ 1

৫০ উৰ্দ্ধৰ বৃদ্ধাৰ হাতত বন্দুকঃ

অনুৰাগ কাশ্যপৰ দ্বাৰা পৰিচালিত ছবি “সান্ড কি আখ”-এ বহু দিনৰ পৰাই আকৰ্ষিত কৰি ৰাখিছিল দৰ্শকক। ছবিখনৰ শ্বুটিং আৰম্ভণিৰ পৰাই লাভ কৰিছিল বৃহৎ সংখ্যাত সমাদৰ। তাপসি পান্নু লগতে ভূমি পাডনেকাৰক দেখিবলৈ পোৱা যাব মূখ্য চৰিত্ৰত। ইতিমধ্যে ছবিখনৰ মুকলি কৰি দিয়া হৈছে ট্ৰেইলাৰ।

৫০ উৰ্দ্ধৰ বৃদ্ধাৰ হাতত বন্দুকঃ 2


উত্তৰ প্ৰদেশৰ এখন গাঁৱত বসবাস কৰা দুগৰাকী ৫০ ৰ উৰ্দ্ধৰ তিৰোতা কেনেদৰে “ছাৰ্প শ্বুটাৰ” হৈ পৰিল তাকেই দেখুওৱা হ’ব ছবিখনত। চন্দ্ৰো তামোৰ আৰু প্ৰকাশী তামোৰৰ সঁচা কাহিনীৰ ওপৰত আধাৰিত এই ছবিখন।


ট্ৰেইলাৰটোত দেখিবলৈ পোৱা তাপসি আৰু ভূমিৰ অভিনয়ে আকৰ্ষিত কৰিছে দৰ্শকক। গতিকে; ইয়াৰ পৰাই বুজিব পৰা যায় যে, দিপাৱলীৰ সময়ছোৱাত মুক্তিপাবলগীয়া এই ছবিখনক লৈ কিমান আগ্ৰহী দৰ্শক।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.