Rupaliparda.com
জোয়াৰ ছবিত আকৌ থাকিব ৰণৱীৰঃ 1

জোয়াৰ ছবিত আকৌ থাকিব ৰণৱীৰঃ

পৰিচালক জোয়া আখতাৰৰ দ্বাৰা নিৰ্মিত ছবি “গলী বয়” এ চলিত বৰ্ষতেই অস্কাৰৰ বাবে মনোনীত কৰা হৈছে। ইয়াকে লৈ ছবিখনৰ সমূহ কৰ্মকতা এতিয়া উৎসাহী হৈ পৰিছে। আলিয়া-ৰণৱীৰ মূখ্য চৰিত্ৰত থকা এই ছবিখনৰ সকলো অভিনেতা- অভিনেত্ৰীকেই সমালোচকৰ লগতে দৰ্শকেও যথেষ্ট সঁহাৰি জনাইছিল।

জোয়াৰ ছবিত আকৌ থাকিব ৰণৱীৰঃ 2
জোয়াৰ ছবিত আকৌ থাকিব ৰণৱীৰঃ 3


এনেক্ষেত্ৰতে পৰিচালক জোয়া আখতাৰে আকৌ তেওঁৰ নতুন ছবিৰ বাবে পূৰ্ণ গতিত চলাইছে প্ৰস্তুতি। “গলী বয়” ৰ বাবে বিভিন্ন জনে পৰিচালক গৰাকীক সমালোচনা কৰিছিল যদিও ছবিখনৰ সফলতাই সকলোৰে মুখ বন্ধ কৰি পেলায়। গতিকে পৰিচালক গৰাকীয়ে পুনৰবাৰ তেনে এক পৰিস্থিতিক কেন্দ্ৰ কৰিয়েই এখন ছবিৰ স্ক্ৰীপ্ট লিখি আছে আৰু তেওঁ অলপতে আৰম্ভ কৰিব তেওঁৰ ন-ছবি “গেংগষ্টাৰ ড্ৰামা”; যাৰ বাবে পৰিচালক জোয়াই পূৰ্বৰ পৰাই নিৰ্ধাৰণ কৰি ৰাখিছিল ৰণৱীৰ সিঙক।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.