Rupaliparda.com
জন্মদিন বিশেষ- "এ ছোৱালী এবাৰ ভাল পাই চাবা নেকি?"- হিমাংশু প্ৰসাদ দাস 1

জন্মদিন বিশেষ- “এ ছোৱালী এবাৰ ভাল পাই চাবা নেকি?”- হিমাংশু প্ৰসাদ দাস

হিমাংশু প্ৰসাদ দাস; তেওঁৰ নামটো কোৱাৰ লগে লগে আপোনালোক বহুতৰে মনত হয়টো দোলা দিছে তেওঁৰ দ্বাৰা ৰচিত প্ৰত্যেকটো কবিতা তথা তেওঁৰ দ্বাৰা লেখা প্ৰত্যেকখন নাটকৰ কেইটামান হৃদয় জুৰোৱা সংলাপ। নহয়নে?? “এ ছোৱালী এবাৰ ভাল পাই চাবা নেকি??” – উক্ত কবিতাটিয়ে হাজাৰ হাজাৰ যুৱ প্ৰজন্মক তেওঁৰ অনুৰাগী হ’বলৈ বাধ্য কৰাইছিল। অসমৰ এগৰাকী ব্যতিক্ৰমী চিন্তা-ধাৰাৰ শিল্পীয়ে হৈছে হিমাংশু প্ৰসাদ দাস।

জন্মদিন বিশেষ- "এ ছোৱালী এবাৰ ভাল পাই চাবা নেকি?"- হিমাংশু প্ৰসাদ দাস 2


২০০৮ বৰ্ষত দিল্লী স্থিত নেশ্বনেল স্কুল অৱ ড্ৰামাত তেওঁ অভিনয়ৰ আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰি অসমত নতুন উদ্যমেৰে উভতি আহি নিজৰ লগতে নাটক সমূহক এক অন্য যাত্ৰা প্ৰদান কৰাৰ চেষ্টা কৰিছিল। ইয়াৰ উপৰিও হিমাংশু প্ৰসাদ দাসে পৰিচালিত কৰা “ছাকিৰা আহিব বকুল তলৰ বিহুলৈ” শীৰ্ষক ছবিখনেও লাভ কৰিছিল দৰ্শকৰ বৃহৎ সংখ্যাত সমাদৰ।

জন্মদিন বিশেষ- "এ ছোৱালী এবাৰ ভাল পাই চাবা নেকি?"- হিমাংশু প্ৰসাদ দাস 3


এইবছৰত তেওঁৰ দ্বাৰা প্ৰস্তুত কৰা নাটক কেইখন হৈছে ক্ৰমে- হেঙুল থিয়েটাৰত “মিছ ৰুক্মিণী হৰণ”, প্ৰাগজ্যোতিষ থিয়েটাৰত “হাল্লা-বোল”, আৰু ভাগ্যদেৱী থিয়েটাৰত “লংকা কাণ্ড”।

জন্মদিন বিশেষ- "এ ছোৱালী এবাৰ ভাল পাই চাবা নেকি?"- হিমাংশু প্ৰসাদ দাস 4


ৰূপালী পৰ্দাই এই জনপ্ৰিয় শিল্পী গৰাকীক জন্মদিনৰ শুভকামনা জনোৱাৰ লগতে তেওঁৰ জন্মদিনৰ পৰিকল্পনাৰ বিষয়ে সোধাত তেওঁ কয় যে-
“জন্মদিন বুলিটো বৰ্তমান একো বিশেষ নাই তথাপিও বৰ্তমান ব্যস্ত হৈ আছো ৰং চেনেলত প্ৰচাৰ হ’বলগীয়া এখন ধাৰাবাহিক “বকুল তলৰ আদালত” ৰ সৈতে। শ্বুটিং ৰ বাবে আহিছিলো কিন্তু ৰৈ গ’লো বৰ্তমান বৰষুণৰ বাবে। হা হা হা… এতিয়াৰ ব্যস্ততা এইখিনিয়ে। ইয়াৰ লগতে অহা বছৰ ২৪ জানুৱাৰীত মুক্তি পাব আমাৰ এখন ছবি “গৰু”। সেইখনৰ কামতো অলপ ব্যস্ত হৈ আছো।”

জন্মদিন বিশেষ- "এ ছোৱালী এবাৰ ভাল পাই চাবা নেকি?"- হিমাংশু প্ৰসাদ দাস 5

শিল্পী গৰাকীৰ কেইটামান জনপ্ৰিয় কবিতাৰ লিংক তলত দিয়া হৈছে-

Add comment

Leave a Reply