অসমৰ উল্লেখযোগ্য কন্ঠশিল্পী সমূহৰ ভিতৰত তেজপুৰৰ জীয়ৰী তথা অসমৰ জনপ্ৰিয় গায়িকা গীতালী কাকতি হৈছে অন্যতম। তেওঁৰ কন্ঠৰ প্ৰায় সংগীতেই বৰ্তমান সাধাৰণজনৰ মুখে মুখে। “ছেলফী ৰাণী”, “পাগল পাগল মন”, “এনাইদেউ” আৰু অলপতে জনপ্ৰিয় হৈ উঠা গীত “প্ৰীতি ভৰা” ৰ লগতে বিভিন্ন বিহু গীতত কন্ঠ নিগৰাই এতিয়া হাজাৰ হাজাৰ দৰ্শকৰ হৃদয়ত কন্ঠশিল্পী গৰাকী।

ৰূপালী পৰ্দাই গায়িকা গৰাকীৰ আগন্তুক প্ৰজেক্টৰ বিষয়ে সোধাত তেওঁ কয় যে-
“প্ৰীতি ভৰা” গীতটিয়ে দৰ্শকৰ যথেষ্ট সঁহাৰি লাভ কৰা দেখি মোৰ খুব ভাল লাগিছে। বৰ্তমান বাগানীয়া আৰু বিহুসুৰীয়া গীত দুটা মানৰ সৈতে ব্যস্ত হৈ আছো।এতিয়া অকণমান সময় লৈ ৰাইজৰ কাষ চাপিম কাৰণ “প্ৰীতি ভৰা” গীতটি আৰু অলপ বেছিকৈ ৰাইজৰ মাজলৈ অহাটো বিচাৰিছো। কোনো কোনো ঠাইত আছলতে গীতটি শুনিবলৈ পোৱা নাই বুলি মোক বহু অনুৰাগীয়ে মেছেজো পঠিয়াইছে। লগতে, “নামদাঙ” ৰ যিটো মোৰ বিহু এলবাম সেইটোও দুদিন মান পিছত আৰম্ভ কৰিম। বৰ্তমানৰ বাবে এইখিনিয়ে মোৰ আগন্তুক পৰিকল্পনা।”

গীতালি কাকতিৰ কন্ঠৰ “প্ৰীতি ভৰা” গীতটিৰ লিংক তলত দি দিয়া হৈছে-
Add comment