Rupaliparda.com
এফালৰ পৰা ছেইফ আলি খানে হত্যা কৰিছে লোককঃ 1

এফালৰ পৰা ছেইফ আলি খানে হত্যা কৰিছে লোককঃ

কিছুদিনৰ বিৰতিৰ পিছত এগৰাকী নগা সাধুৰ বেশত দেখিবলৈ পোৱা যাব ছেইফ আলী খানক। “লাল কাপ্তান” শীৰ্ষক ছবিখনত দেখিবলৈ পোৱা যাব অভিনেতা গৰাকীক। ইতিমধ্যে ছবিখনৰ ফাৰ্ষ্ট লুক পোষ্টাৰৰ লগতে মুকলি কৰি দিয়া হৈছে “লাল কাপ্তান” ৰ ট্ৰেইলাৰৰ প্ৰথমটো ভাগ।

এফালৰ পৰা ছেইফ আলি খানে হত্যা কৰিছে লোককঃ 2


ছেঈফ আলি খান তথা সোণাক্ষী সিনহা অভিনীত এই ছবিখনৰ ট্ৰেইলাৰৰ প্ৰথমটো ভাগক নাম দিয়া হৈছে “ডা হান্ট”। উক্ত ট্ৰেইলাৰটোত ছেঈফ আলিয়ে এগৰাকী নগা সাধুৰ চৰিত্ৰ ৰূপায়ন কৰি এফালৰ পৰা কেইবাজনো লোকক হত্যা কৰা দেখিবলৈ পোৱা গৈছে।


“NH10” ছবিৰ পৰিচালক নৱদ্বীপ সিঙেই পৰিচালনা কৰিব উক্ত ছবিখন। জোয়া হুসেন লগতে মানৱ বিজকো দেখিবলৈ পোৱা যাব ছবিখনৰ গুৰুত্বপূৰ্ণ চৰিত্ৰত। উল্লেখ্য যে, ছবিখন নগা সাধুৰ প্ৰতিশোধৰ ওপৰত কেন্দ্ৰ কৰি নিৰ্মাণ কৰা হৈছে। চলিত বৰ্ষৰ ১৮ অক্টোবৰ তাৰিখে “লাল কাপ্তান”-এ মুক্তি লাভ কৰিব।

সংগৃহীতঃ https://navbharattimes.indiatimes.com/movie-masti/news-from-bollywood/watch-trailer-of-saif-ali-khan-movie-laal-kaptaan/articleshow/71271656.cms

Add comment

Leave a Reply

Most popular

Your Header Sidebar area is currently empty. Hurry up and add some widgets.