বলীউডৰ ফিট অভিনেতা সমূহৰ ভিতৰত একাষাৰে নাম ল’ব পাৰি অনীল কাপুৰৰ। অভিনেতা গৰাকীৰ বৰ্তমানৰ চেহেৰাৰ দ্ধাৰা ধৰিব পৰা নাযায় যে তেওঁ ৯০ দশকৰে এজন অভিনেতা। ছবিৰ লগতে চচিয়েল মিডিয়াতো প্ৰায়ে একটিভ হৈ থকা দেখিবলৈ পোৱা যায় অভিনেতা গৰাকীক।

অনিল কাপুৰে অলপতে আপলোড কৰা তেওঁৰ পূৰ্বৰ এখন ফটো এতিয়া ভাইৰেল হৈ পৰিছে চচিয়েল মিডিয়াত। ফটোখনৰ কেপছনত অভিনেতা গৰাকীয়ে লিখে যে- “সৰু চকু, পাতল বাহু আৰু বহুত বেছি চুলি- পাত্তা নিদিও! কঠোৰ পৰিশ্ৰম, বিশ্বাস আৰু ভাগ্যই আপোনাক তাত লৈ যাব পাৰে; যিটো পাৰম্পৰিক মনোভাৱ কিছুমানে নোৱাৰে।”
আপোনালোকক জনাই থওঁ যে,অনীল কাপুৰক আগন্তুক সময়ত “মলংগ” আৰু কৰণ জহৰৰ ছবি “তখ্ত” ত দেখিবলৈ পোৱা যাব।
সংগৃহীতঃ https://navbharattimes.indiatimes.com/movie-masti/news-from-bollywood/actor-anil-kapoor-shares-a-old-picture-of-himself-on-twitter/articleshow/71276856.cms







Add comment