Rupaliparda.com
বিপ্লৱী সত্তাৰ এক জীয়া কাহিনী - "অথেলো"ঃ 1

বিপ্লৱী সত্তাৰ এক জীয়া কাহিনী – “অথেলো”ঃ

হেমন্ত কুমাৰ দাসৰ পৰিচালনা আৰু মানবেন্দ্ৰ অধিকাৰীৰ প্ৰযোজনাৰে ২০১৭ চনত মুক্তিপ্ৰাপ্ত এখন অসমীয়া ছবি হৈছে “অথেলো”। “অৰ্থ” বেনাৰত নিৰ্মিত বোলছবিখনে মুম্বাইত অনুষ্ঠিত হোৱা “ইণ্ডিয়ান চিনে ফিল্ম ফেষ্টিভেল” ত “বেষ্ট স্ক্ৰীনপ্লে” ৰ বঁটা লাভ কৰিবলৈ সক্ষম হয়।

বিপ্লৱী সত্তাৰ এক জীয়া কাহিনী - "অথেলো"ঃ 2


ছবিখনৰ নামৰ লগত “অথেলো” ৰ নিৰ্দ্দিষ্ট সেই কাহিনীটোৰ সৈতে সামঞ্জস্য নাই। এই বোলছবি খনে ৭০ দশকৰ বিপ্লৱী সত্তা আৰু বৰ্তমান সময়ৰ বিপ্লৱৰ মাজত থকা পাৰ্থক্যৰ এক সুক্ষ্ম আভাষ দৰ্শকক দিয়াৰ চেষ্টা কৰিছে। শিক্ষিত ডেকা বা ছোৱালীয়ে কোনো কৰ্মসংস্থান নোপোৱাৰ ফলত জীৱন নিৰ্বাহৰ পথ নিৰ্বাচন কৰোতে ভুল কৰা কিছুমান পৰিস্থিতিৰ কথা ব্যক্ত কৰিছে বোলছবিখনত। “বিপ্লৱী সত্তা” বিষয়ে জনসাধাৰণক আওঁৰাই দিছে বোলছবিখনত।

বিপ্লৱী সত্তাৰ এক জীয়া কাহিনী - "অথেলো"ঃ 3


এটা সময়ত “আলফা” সংগঠনটোত লগ দিয়া লোকৰ সংখ্যা আছিল অধিক। বৰ্তমানো ইয়াৰ কিছু প্ৰভাৱ লক্ষ্য কৰা যায়। এটা জাতিৰ মান-মৰ্যাদা,শিষ্টাচাৰ বা জাতিটোক বচাৱলৈ উক্ত সংগঠনটোত যোগ দিয়া বুলি কোৱা হয় যদিও নিৰীহ লোকৰ প্ৰাণ কাঢ়ি কৰা বিপ্লৱে জাতিটোক কেনেধৰণে ৰক্ষণাবেক্ষন দিব পাৰে; তেনে এক প্ৰশ্নৰ ভেঁটিত নিৰ্মাণ কৰা হৈছে বোলছবিখন।

বিপ্লৱী সত্তাৰ এক জীয়া কাহিনী - "অথেলো"ঃ 4


ছবিখনত মুখ্য চৰিত্ৰ দুটা যদিও অভিনীত প্ৰত্যেকটো চৰিত্ৰৰেই নিজ নিজ ব্যক্তিত্ব ৰখা হৈছে। এজন শিক্ষিত অট’চালক “মুন” লগতে এজনী উপায়হীন ক’ল গাৰ্ল “টিনা” ৰ কাহিনীৰ লগত সংযোগ কৰিয়েই বোলছবিখনৰ কাহিনীভাগ আগবঢ়াই নিয়া হৈছে। “বংকিম ভট্টাচাৰ্য”ৰ চৰিত্ৰ থকা অৰুণ নাথৰ বিপ্লৱী ৰূপটোৱেই দৰ্শকক আমোদ দিব পাৰিছে। জাতিৰ স্বাৰ্থত কেইজনমান নিৰ্দিষ্ট লোকক বংকিম আৰু তেওঁৰ সংগীয়ে গুলিয়াই মাৰিছিল আৰু ফলত তেওঁলোক জেললৈ যাবলগীয়া হৈছিল। জেলৰ পৰা উভতি অহা পিছতো তেওঁলোকৰ মূৰত বিপ্লৱী ঢৌৱে বাস কৰিছিল যদিও তেওঁলোকৰ “সংগঠনে” তেওঁলোকক গ্ৰহণ নকৰিলে। তাৰ পিছত বংকিমে নিজ গৃহতেই কালমাৰ্ক, ফেডাল কেষ্ট্ৰ,লেনিন আদিৰ মূৰ্তি সাজি দিন কটায়। এই মূৰ্তি সজা বিষয়বস্তুতে অন্তৰ্নিহিত হৈ আছে “বংকিম” ৰ হৃদয়ত লুকাই থকা কথাবোৰ।

বিপ্লৱী সত্তাৰ এক জীয়া কাহিনী - "অথেলো"ঃ 5


ছবিখনৰ কাহিনী দিয়া ৰঞ্জিত শৰ্মাই এজনী “ক’ল গাৰ্ল” ক মূখ্য চৰিত্ৰত লৈ কৰা এইখনেই প্ৰথম অসমীয়া ছবি বুলি কয়।

বিপ্লৱী সত্তাৰ এক জীয়া কাহিনী - "অথেলো"ঃ 6


অটোচালকৰ অভিনয় কৰিছে অৰূপ বৈশ্য আৰু “ক’ল গাৰ্ল” চৰিত্ৰত অভিনয় কৰিছে জুপিতৰা ভূঞাই। ইয়াৰ বাহিৰেও ছবিখনত অভিনয় কৰিছে ৰুণু দেৱী আৰু বিভূতি ভূষণ হাজৰিকাই। সংগীত পৰিচালনা তৰালী শৰ্মাৰ।

Add comment

Leave a Reply