Rupaliparda.com
অস্কাৰ এৱাৰ্ডৰ দৌৰৰ পৰা বাহিৰ "গলী বঁয়"- 1

অস্কাৰ এৱাৰ্ডৰ দৌৰৰ পৰা বাহিৰ “গলী বঁয়”-

চলিত বৰ্ষত মুক্তিপ্ৰাপ্ত ছবি “গলী বঁয়” য়ে লাভ কৰিছিল অস্কাৰ এৱাৰ্ডৰ “বেষ্ট ইন্টাৰনেশ্বনেল ফিছৰ ফিল্ম” ৰ তালিকাত মনোনয়ন। কিন্তু, মংগলবাৰে মুকলি কৰি দিয়া তালিকানুসৰি জয়া আখতাৰৰ দ্বাৰা পৰিচালিত “গলী বঁয়” নাছিল এই অস্কাৰ এৱাৰ্ডৰ দৌৰত।

অস্কাৰ এৱাৰ্ডৰ দৌৰৰ পৰা বাহিৰ "গলী বঁয়"- 2


৯২ তম্ অস্কাৰ এৱাৰ্ডৰ “বেষ্ট ইন্টাৰনেশ্বনেল ফিছৰ ফিল্ম” ৰ তালিকাত মুঠ ১০ খন ছবিক অন্তৰ্ভূক্ত কৰা হয়; যি তালিকাত নাম নাছিল আলিয়া ভাট আৰু ৰণৱীৰ সিং অভিনীত ছবি “গলী বঁয়” ৰ।

অস্কাৰ এৱাৰ্ডৰ দৌৰৰ পৰা বাহিৰ "গলী বঁয়"- 3
অস্কাৰ এৱাৰ্ডৰ দৌৰৰ পৰা বাহিৰ "গলী বঁয়"- 4


চলিত বৰ্ষত ফেব্ৰুৱাৰী মাহত মুক্তিপ্ৰাপ্ত এই ছবিখনে সেই সময়ত ছবি সমালোচকৰ লগতে বহুল সংখ্যাত দৰ্শকৰ পৰা লাভ কৰিছিল সমাদৰ। উল্লেখ্য যে, অস্কাৰ এৱাৰ্ডৰ উক্ত শাখাটোৰ বাবে “গলী বঁয়” কে ধৰি মুঠ ৯০ খন ছবিয়ে দৌৰ লগাইছিল।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform