নৱ প্ৰজন্মৰ অভিনেত্ৰী বুলি ক’লে কাৰ কাৰ নাম বাৰু আপোনালোকৰ মনলৈ আহে?? আপোনালোকৰ মনৰ মাজত সৃষ্ট এই তালিকাখনৰ মাজত হিমাক্ষী কলিতা ওৰফে “বৈদেহী” নহ’লে “পৰিণীতা” কটো অন্তৰ্ভূক্ত কৰাটো একেবাৰেই নিশ্চিত। নহয়নে??

অতি কম বয়সতে অভিনয় ক্ষেত্ৰখনত ৰাজত্ব কৰা এগৰাকী অভিনেত্ৰী। বৰ্তমানলৈ দুখনকৈ সফল ধাৰাবাহিক আৰু লগত কেইবাটাও মিউজিক ভিডিঅ’ ত অভিনীত হিমাক্ষী কলিতা বৰ্তমানৰ সফল অভিনেত্ৰী বুলি ক’লেও অতিৰঞ্জিত নহ’ব।
কিন্তু, অভিনেত্ৰী গৰাকীয়ে অভিনয় তথা এই যান্ত্ৰিক জগতৰ পৰা নিলগত কিছু দিনৰ বাবে উপভোগ কৰিছে প্ৰাকৃতিক পৰিৱেশৰ মনোৰম দৃশ্য আৰু জীৱ-জন্তুৰ খেল। চচিয়েল মিডিয়াত অভিনেত্ৰী গৰাকীয়ে আপলোড কৰা ফটোৰ জৰিয়তে ধৰিব পৰা যায় তেওঁৰ “ভেকেচন মস্তী”।
Add comment