Rupaliparda.com
"দূৰ্গা পূজা পাৰ কৰিম কৰ্মৰ যোগেৰেই"- সুনীতা কৌশিক 1

“দূৰ্গা পূজা পাৰ কৰিম কৰ্মৰ যোগেৰেই”- সুনীতা কৌশিক

সৰুতেই ফণী শৰ্মাৰ প্ৰসিদ্ধ নাটক “ভোগজৰা” ত অভিনয় কৰাৰ সুযোগ লাভ কৰা সুনীতা কৌশিকৰ হয়টো অনুৰাগীৰ সংখ্যা এতিয়া সৰ্বাধিক। তেজপুৰৰ জীয়ৰী সুনীতা বৰ্তমান অসমৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী। অৰুণ নাথ,মৃদুল গুপ্তা তথা প্ৰবীণ হাজৰিকা আদি পৰিচালকৰ সৈতে কাম কৰা এই অভিনেত্ৰী গৰাকীয়ে নিজৰ কেৰিয়াৰৰ টাৰ্ণিং পইন্টতো লাভ কৰিছিল ধাৰাবাহিক “অনুৰাধা” ৰ জৰিয়তে।

"দূৰ্গা পূজা পাৰ কৰিম কৰ্মৰ যোগেৰেই"- সুনীতা কৌশিক 2


ৰাজেশ ভূঞাৰ পৰিচালনাৰে ২০০৯ চনত ৰং চেনেলত প্ৰচাৰ লাভ কৰা “অনুৰাধা” ত জুবিন গাৰ্গ, উৎপল দাস, মুনমী ফুকনৰ লগত কাম কৰিছিল সুনীতা কৌশিকে। জনপ্ৰিয় ধাৰাবাহিকখনৰ জৰিয়তে আৰু অধিক জনপ্ৰিয় হৈ পৰিছিল অভিনেত্ৰী সুনীতা।

"দূৰ্গা পূজা পাৰ কৰিম কৰ্মৰ যোগেৰেই"- সুনীতা কৌশিক 3


ৰূপালী পৰ্দাৰ ফালৰ পৰা হোৱা চমু কথা-বতৰাত তেওঁৰ আগন্তুক প্ৰজেক্ট আৰু দূৰ্গা পূজাৰ প্ৰস্তুতিৰ বিষয়ে জানিব বিচৰাত তেওঁ কয় যে-
“এইবাৰ দেৱীৰ আৰাধনা বিশেষভাৱে কৰিম মই। গুৱাহাটীত আছলতে নাথাকিম মই এইবাৰ, নৱমী পূজাৰ দিনাখন হে ঘূৰি আহিম ছাগে। ভূপাল আৰু উজ্জেইনত এটা কথক ডান্স ড্ৰামা আছে; পূজাৰ সময়ছোৱাত মই তাত ব্যস্ত থাকিম। দেৱীৰ আৰাধনা কৰাৰ ওপৰত কেন্দ্ৰ কৰিয়েই এই ড্ৰামাখন। গতিকে এইবাৰ কৰ্মৰ যোগেৰে পূজা পাৰ কৰিম ভাবিছো।”

"দূৰ্গা পূজা পাৰ কৰিম কৰ্মৰ যোগেৰেই"- সুনীতা কৌশিক 4

ইয়াৰ লগতে তেওঁৰ আগন্তুক প্ৰজেক্টৰ বিষয়ে অভিনেত্ৰী গৰাকীয়ে কয় যে, “কংকন ৰাজখোৱাৰ পৰিচালনাত ৰেঙণি চেনেলযোগে সম্প্ৰছাৰ হ’বলগীয়া ধাৰাবাহিক “সাগৰিকা” ত মই কাম কৰি আছো। ধাৰাবাহিকখন হয়টো অহা নৱেম্বৰ মাহৰ প্ৰথমটো সপ্তাহৰ পৰাই সম্প্ৰচাৰ হ’ব। লগতে কেইবাটাও মিউজিক ভিডিঅ’ ৰ কামো চলি আছে।”

"দূৰ্গা পূজা পাৰ কৰিম কৰ্মৰ যোগেৰেই"- সুনীতা কৌশিক 5


গতিকে, সুনীতাৰ অনুৰাগী সকলৰ বাবে সুখবৰ। অহা নৱেম্বৰ মাহৰ পৰাই ৰেঙণি চেনেল যোগে সুনীতাক প্ৰত্যেকদিনাই দেখিবলৈ পাব দৰ্শকে।

Add comment

Leave a Reply