ইটোৰ পিছত সিটো ৰোমান্টিক গীতৰ সৈতে আগবাঢ়িছে জনপ্ৰিয় শিল্পী ভৃগু কাশ্যপ। তাতে আকৌ তেওঁৰ লগ দিছে ৰাকেশ ৰিয়ানে। “ৰামধেনু” ৰ বৃহৎ সফলতাৰ পিছত কন্ঠশিল্পী ভৃগুৱেও আশা কৰিছে তেওঁৰ আগন্তুত গীতত দৰ্শকৰ সঁহাৰি।


কিছুদিন পূৰ্বে গীতটিৰ ফাৰ্ষ্ট লুক পোষ্টাৰ তথা টিজাৰ মুক্তি কৰাৰ পিছতেই এতিয়া গীতটিৰ প্ৰমো’ মুকলি কৰি দিয়া হৈছে;য’ত লাডাখৰ বিভিন্ন ঠাইৰ দৃশ্যাংশ উপভোগ কৰিব পাৰিব দৰ্শকে। গীতটি লিখিছে কিশোৰ বৰুৱা, জোনাক আৰু আলোক নাথে লগতে ইয়াত সংগীত দিছে পিংকল প্ৰত্যুষে। “লাজে লাজে” ত ভৃগুৰ সৈতে অভিনয় কৰিছে প্ৰীয়ম পল্লৱীয়ে।
Add comment