বহু প্ৰত্যাশিত ঋত্বিক-টাইগাৰ ৰ ছবি “ওৱাৰ” ৰ বাবে ইতিমধ্যে আহিবলৈ লৈছে ধনাত্মক টুইট। চলিত মাহৰ ২ অক্টোবৰ তাৰিখে মুক্তি পাবলগীয়া এই ছবিখনৰ বাবে ইউ.এ.আই ৰ পৰা আহিছে ধনাত্মক মন্তব্য। ফাৰ্ষ্ট লুক পোষ্টাৰৰ লগতে ছবিখনৰ ট্ৰেইলাৰে দৰ্শকৰ মনত ইমানেই বেছি উৎসাহৰ সৃষ্টি কৰিছিল যে ছবিখনৰ প্ৰথমটো শ্ব’ ৰ বাবে বৰ্তমানলৈ প্ৰায় ৭.১০ কোটি টকাৰ টিকেট বিক্ৰী কৰা হৈছে।

সিদ্ধাৰ্থ আনন্দৰ নিৰ্দেশনত তথা আদিত্য চোপ্ৰাৰ প্ৰযোজনাৰে নিৰ্মিত উক্ত ছবিখনত ঋত্বিক-টাইগাৰৰ লগতে দেখিবলৈ পোৱা যাব বাণী কাপুৰক। ছবিখনত থকা একচনৰ লগতে ঋত্বিকৰ-টাইগাৰৰ ডেন্স তথা অভিনয়ে দৰ্শকক আকৰ্ষণ কৰিবলৈ সক্ষম হৈ পৰিছে।
Add comment