এপিনে জুবিনৰ “কাঞ্চনজংঘা” ৰ বৃহৎ সফলতা; আনপিনে মৃত ভগ্নীৰ জন্মদিন। জংকী বৰঠাকুৰ; জুবিনৰ লগত প্ৰায় মঞ্চত দেখিবলৈ পোৱা গৈছিল জংকীক। ভাতৃ-ভগ্নীৰ এই যুঁটিটো পচন্দৰো আছিল সাধাৰণ জনৰ। জংকীৰ কন্ঠৰ অনুৰাগী আজিৰ তাৰিখতো যথেষ্ট। তেওঁ কন্ঠদান কৰা প্ৰত্যেকটা গীত আজিও চিৰসেউজ।

জংকীয়ে তেজপুৰৰ এক অনুষ্ঠানত গীত পৰিৱেশন কৰি উভতি অহা সময়ত এক দূৰ্ঘটনাৰ মুখামুখি হয় আৰু অৱশেষত মৃত্যুক সাৱটিব লগীয়াত পৰে। ২০০২ চনত সংঘটিত এই ঘটনাটোৰ পিছত জুবিন গাৰ্গে তেওঁৰ ভগ্নীৰ স্মৃতিত “শিশু” এলবামটো মুকলি কৰে।

জুবিনৰ পত্নী গৰিমা শইকীয়া গাৰ্গে জংকীক উদ্দেশ্যি এক সুন্দৰ মেছেজৰ সৈতে নিজ ননদক জন্মদিনৰ শুভকামনা জনায়।
জংকী কন্ঠৰ কেইটিমান গীতৰ লিংক তলত দিয়া হ’লঃ
Add comment