Rupaliparda.com
ছলমান নহয় চুলবুল পাণ্ডেৰ জৰিয়তে প্ৰচাৰ হ'ব "ডবংগ ৩"- 1

ছলমান নহয় চুলবুল পাণ্ডেৰ জৰিয়তে প্ৰচাৰ হ’ব “ডবংগ ৩”-

প্ৰত্যেক বছৰে ছলমান খানৰ একোখন ছবিৰ বাবে অপেক্ষা কৰি ৰয় তেওঁৰ বহু অনুৰাগী। গতিকে, এইবাৰৰ ছবিখনৰ বাবেও হয়টো অপেক্ষা কৰি ৰৈছে বহু দৰ্শক। বহু দিনৰ পৰা “ডবংগ ৩” শীৰ্ষক ছবিখনৰ সৈতে জড়িত হৈ থকা দেখিবলৈ পোৱা গৈছিল অভিনেতা গৰাকীক। দৰ্শকৰ বহু পচন্দৰ এই ছবিখনৰ তৃতীয়টো সংস্কৰণ মুক্তি পাব চলিত বৰ্ষৰ ২০ ডিচেম্বৰ তাৰিখে।

ছলমান নহয় চুলবুল পাণ্ডেৰ জৰিয়তে প্ৰচাৰ হ'ব "ডবংগ ৩"- 2


ইতিমধ্যে ছবিখনৰ প্ৰমো’ মুকলি কৰি দিয়া হৈছে। ছলমানে নিজেই টুইটাৰত প্ৰমো’টো শ্বেয়াৰ কৰাৰ উপৰিও নিজৰ নাম সলাই চুলবুল পাণ্ডে ৰাখি লৈছে। প্ৰমো’টোৰ জৰিয়তে অভিনেতা গৰাকীয়ে কয় যে, “ডবংগ ৩” মুক্তি পোৱালৈ ছলমান খান চুলবুল পাণ্ডে হিচাপেই থাকিব।


কৰিঅ’গ্ৰাফাৰ ও অভিনেতা প্ৰভূদেৱাৰ দ্বাৰা পৰিচালিত “ডবংগ ৩” ত ছলমানৰ সৈতে থাকিব সোণাক্ষী সিনহা। অহা ২০ ডিচেম্বৰ তাৰিখে ছবিগৃহত চিনেমাখন মুক্তি কৰি দিয়া হ’ব।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.