দৰ্শকৰ হৃদয়ত দেশভক্তিৰ ভাৱ জাগ্ৰত কৰিবলৈ পুনৰ বাৰ আহিবলৈ সাজু হৈছে “সত্যমেৱ জয়তে” ৰ দ্বিতীয় সংস্কৰণ। ২০১৮ বৰ্ষত মুক্তি পোৱা জন আব্ৰাহাম অভিনীত এই ছবিখনৰ প্ৰথমটো সংস্কৰণে লাভ কৰিছিল দৰ্শকৰ অভূতপূৰ্ব সঁহাৰি।

ইতিমধ্যে উক্ত ছবিখনৰ দ্বিতীয়টো সংস্কৰণৰ ফাৰ্ষ্ট লুক পোষ্টাৰ মুকলি কৰি দিয়া হৈছে; য’ত অভিনেতা জন আব্ৰাহামে নিজৰ কাপোৰ ফালি তেওঁৰ বুকুত থকা ভাৰতৰ জাতীয় পতাকাক দেখুৱাইছে। মিলাপ জাৱেৰীৰ দ্বাৰা পৰিচালিত এই ছবিখনত জনৰ সৈতে অভিনয় কৰিব দিব্যা খোসলায়ে।

অহা বছৰ গান্ধী জয়ন্তীৰ দিনা মুক্তি পাবলগীয়া “সত্যমেৱ জয়তে২” ৰ সৈতে মুক্তি পাব আৰু তিনি খন ছবি ক্ৰমে বিকি কৌশলৰ “সৰদাম উধম সিং”, টাইগাৰ শ্ৰফৰ “ৰেম্বো”, লগতে ফাৰহান আখতাৰৰ “তুফান”। এতিয়া দৰ্শকে কোন খন ছবিক দিব বেছি প্ৰাধান্য সেয়া হ’ব লক্ষণীয়।
Add comment